Rupaliparda.com
জ্বলিছে ৰেপাৰ বাদশাহৰ ছালঃ 1

জ্বলিছে ৰেপাৰ বাদশাহৰ ছালঃ

বলীউডৰ জনপ্ৰিয় ৰেপাৰ বাদশাহ নিজৰ গীত সমূহৰ দ্বাৰা চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থাকে। তেওঁক প্ৰায়ে চচিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থকা দেখিবলৈ পোৱা যায়। কিন্তু শেহতীয়াকৈ চচিয়েল মিডিয়াত বাদশাহৰ এখন ফটো পূৰ্ণগতিত ভাইৰেল হৈ পৰিছে। তেওঁৰ ফটোখনে আচলতে ৰেপাৰ গৰাকীৰ অনুৰাগীসকলকো হতহম্ভ কৰি পেলাইছে। বৰ্তমান বাদশাহে মালদ্বীপত অতিবাহিত কৰিছে নিজৰ আজৰিৰ দিনকেইটা আৰু এই ভ্ৰমণৰ সময়ছোৱাতে বাদশাহক প্ৰখৰ ৰ’দে নিজ আগ্ৰাসনত লয়। “চানবাৰ্ণ” ৰ ফলত তেওঁৰ চালখনৰ যথেষ্ট বেয়া অৱস্থা হয়; যিয়ে আচলতে তেওঁৰ প্ৰতিজন অনুৰাগীকে আচম্বিত কৰে। ছালখন জ্বলি যোৱা এখন ফটো বাদশ্বাহে নিজ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰে। তেওঁৰ এই ফটোখন বহুল ৰূপত শ্বেয়াৰ হোৱাৰ লগতে ইয়াত আন কেইবাগৰাকীও বলীউড চিলেব্ৰেটীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কিছুদিন পূৰ্বে নিজৰ গানত ভিউৱাৰচ কিনি বৃদ্ধি কৰাৰ বাবদ ৰোষত পৰিছিল ৰেপাৰ গৰাকী।

জ্বলিছে ৰেপাৰ বাদশাহৰ ছালঃ 2
জ্বলিছে ৰেপাৰ বাদশাহৰ ছালঃ 3


এই বিষয়ত নিজেও হয়ভৰ দিছিল ৰেপাৰ বাদশাহে। বহুল সমালোচনাৰ সন্মুখীন হোৱা বাদশাহে মুম্বাই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছিল যে তেওঁৰ এটি ভিডিঅ’তে সর্বাধিক লাইকৰ ৰেকর্ড পোৱাৰ বাবে লক্ষাধিক টকা খৰচ কৰিছিল। শেহতীয়াকৈ আইপিএলৰ এটা টীম কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এটি গীতত কন্ঠদান কৰে বাদশাহে। ইউটিউবত এই গীতটিয়ে মুক্তি লাভ কৰা পিছতেই ই সাংঘাতিক জনপ্ৰিয় হৈ পৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.