Rupaliparda.com
ৱেষ্টাৰ্ণ ড্ৰেসেৰে এইবাৰ অনুৰাগীক আকৰ্ষণ মেঘৰঞ্জনীৰঃ 1

ৱেষ্টাৰ্ণ ড্ৰেসেৰে এইবাৰ অনুৰাগীক আকৰ্ষণ মেঘৰঞ্জনীৰঃ

কলা সাজেৰে অনুৰাগীৰ হৃদয়ত আকৌ এবাৰ ঠাই বনাবলৈ সক্ষম হৈছে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী। নৃত্যৰেই হওঁক অথবা নিজ অভিনয়েৰে হওঁক জনসাধাৰণক আপ্লুত কৰি ৰখা অভিনেত্ৰী মেঘৰঞ্জনীৰ শেহতীয়া ফটোশ্বুটে পুনৰ বাৰ তেওঁৰ অনুৰাগীক আকৰ্ষণ কৰিছে। নিজ ৩ বছৰ বয়সৰ পৰা কথক নৃত্যৰ প্ৰশিক্ষণ লোৱা এইগৰাকী অভিনেত্ৰীক বৰ্তমান ছবি অথবা ভিডিঅ’ গীতত বৰ অধিক ৰূপত দেখিবলৈ পোৱা নাযায় যদিও দেশ তথা বিদেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত অনুষ্ঠান সমূহত তেওঁৰ নৃত্যৰ ভিডিঅ’ সমূহে মেঘৰঞ্জনীৰ অনুৰাগীৰ অংক যে বৃদ্ধি কৰিছে সেয়া নিশ্চিত। ২০০৯ চনত কথক নৃত্যত “নৃত্য নিপুণ” লাভ কৰা এই গৰাকী অভিনেত্ৰীক www.award council of india.com য়ে “Dancing Queen of Assam” ৰ খিতাপ প্ৰদান কৰে। ইয়াৰ উপৰিও “NEBCUS MEDIA AWARD” ২০১০-১১ বৰ্ষত মেঘৰঞ্জনীয়ে লাভ কৰে “শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।

ৱেষ্টাৰ্ণ ড্ৰেসেৰে এইবাৰ অনুৰাগীক আকৰ্ষণ মেঘৰঞ্জনীৰঃ 2
ৱেষ্টাৰ্ণ ড্ৰেসেৰে এইবাৰ অনুৰাগীক আকৰ্ষণ মেঘৰঞ্জনীৰঃ 3


এটা সময়ত মেঘৰঞ্জনীক কেইবাখনো অসমীয়া ভিচিডিত দেখিবলৈ পোৱা গৈছিল; সেইকেইখন হৈছে ক্ৰমে “লখিমী”, “অভিমানী মন”, “পূৰ্ণিমা”, “জানমণি”, “ৰুমাল”, “কাঁচিজোন” আৰু বহুতো। উক্ত আটাইকেইখন ভিচিডিত কৰা মেঘৰঞ্জনীৰ অভিনয়ক সঁহাৰি প্ৰদান কৰিছিল দৰ্শক সকলে। ২০১৪ চনত মুক্তি লাভ কৰা অসমীয়া ছবি “অনুৰাধা” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল মেঘৰঞ্জনীয়ে। অভিনয় ও নৃত্যৰ সমান্তৰালকৈ ফেশ্বন জগত খনৰ সৈতেও ওতঃ প্ৰোত ভাৱে জড়িত মেঘৰঞ্জনী। কেইবাটাও ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী গৰাকীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform