Rupaliparda.com
শংকুৰাজৰ কোঁৱৰৰ গীতত নীতালী দাসৰ অভিনয়ৰ মোহৰঃ অতিশীঘ্ৰে "খিৰিকী"- 1

শংকুৰাজৰ কোঁৱৰৰ গীতত নীতালী দাসৰ অভিনয়ৰ মোহৰঃ অতিশীঘ্ৰে “খিৰিকী”-

“জলপ্ৰপাত”, “নক্ষত্ৰ” আদি গীত সমূহে জনসাধাৰণক যেনেদৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল; সেই জনপ্ৰিয়তাতে অংকুৰিত হৈছিল গীতকেইটিত কন্ঠদান কৰা কন্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ সফলতা। পৰিয়ালৰ সদস্যসমূহ সংগীতৰ সৈতে জড়িত নহ’লেও এক সাংগীতিক পৰিৱেশতেই ডাঙৰ-দীঘল হৈছিল শংকুৰাজ। এদিন অথবা দুদিনতেই যে সফলতাক চুমিবলৈ সক্ষম হৈছিল তেনে নহয়; আচলতে এনে একোটা গীত দৰ্শকৰ দৃষ্টিগোচৰ হ’বলৈ সময় লাগিছিল প্ৰায় ৭-৮ মাহ। অসমীয়া সংগীত ক্ষেত্ৰখন যে চহকী; সেয়া নক’লেও হয়টো সকলোৰে বোধগম্য। এই ক্ষেত্ৰখনৰ ঘাঁই শিপাঁডাল ইমানেই বেছি মজবুত যে সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হয় প্ৰতিজন ব্যক্তি। আকৌ এবাৰ, এইগৰাকী শংকুৰাজৰ কন্ঠৰে আহি আছে এটি নতুন গীত “খিৰিকী”। ইতিমধ্যে গীতটিক লৈ চচিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চাৰ। এই গীতটিৰ গ্ৰহণযোগ্য আন এক বিষয় এয়া যে “খিৰিকী” হ’ব এখন “মিউজিকেল চৰ্ট”; য’ত এটা সংগীতেৰে উপস্থাপন কৰা হ’ব এটা কাহিনীক। ছবিখনৰ এটাই মাত্ৰ চৰিত্ৰ আৰু চৰিত্ৰটো ৰূপায়ন কৰিছে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী নীতালী দাসে।

শংকুৰাজৰ কোঁৱৰৰ গীতত নীতালী দাসৰ অভিনয়ৰ মোহৰঃ অতিশীঘ্ৰে "খিৰিকী"- 2


Peerpal Pictures ৰ দ্বাৰা নিৰ্মিত এই “মিউজিকেল চৰ্ট” খনত সন্নিৱিষ্ট গীতটিত শংকুৰাজৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। সংগীত প্ৰযোজনা অম্বৰ দাস আৰু শংকুৰাজ কোঁৱৰৰ। গীতটিত কথা সাগৰ সৌৰভৰ। “মিউজিকেল চৰ্ট” খনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে নীতিশ কাশ্যপ আৰু চিন্ময় ৰয়। সম্পাদনা হীৰক জ্যোতি পাঠকৰ; ইয়াৰ পোষ্টাৰ আৰু টাইটেল ডিজাইন কৰিছে অনুৰাধা দুৱাৰাই। আহিবলগীয়া এই চৰ্টখনৰ শ্বুটিং সময়ছোৱাৰ বিভিন্ন ফটোৱে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। শংকুৰাজৰ কন্ঠৰে এটি সুন্দৰ গীতত নীতালী দাসৰ অভিনয়ে লগোৱা মোহৰে নিশ্চয়কৈ জনসাধাৰণৰ বাবে উপভোগ্য কৰি তুলিব “খিৰিকী”।

শংকুৰাজৰ কোঁৱৰৰ গীতত নীতালী দাসৰ অভিনয়ৰ মোহৰঃ অতিশীঘ্ৰে "খিৰিকী"- 3


কেইবাখনো ধাৰাবাহিক লগতে ছবিত কৰা অভিনয়ৰ দ্বাৰা জনসাধাৰণৰ কাষ চপা অভিনেত্ৰী নীতালী দাসৰ অভিনয় লেখত ল’বলগীয়া। জানিব পৰা মতে, অহা নৱেম্বৰৰ ৫ তাৰিখে “খিৰিকী” ক ৰাইজৰ মাজলৈ লৈ অনা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform