Rupaliparda.com
প্ৰায় ৩১ টা বঁটাপ্ৰাপ্ত তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত অৰিন্দম বৰুৱাৰ "প্ৰত্যুষ"- 1

প্ৰায় ৩১ টা বঁটাপ্ৰাপ্ত তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত অৰিন্দম বৰুৱাৰ “প্ৰত্যুষ”-

এগৰাকী নাৰীৰ জীৱনৰ জোলোঙাখন ইমানেই দুখ, কষ্ট, সংঘৰ্ষ, সংগ্ৰাম আদিৰে ভৰি থাকে যে সেইবোৰৰ ওপৰেৰে খোজ দিওঁতা গৰাকী সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰে। এনে একাংশ নাৰীৰ দুখ-সংগ্ৰাম আৰু এঢাপ ওপৰলৈ তেতিয়া উঠে যেতিয়া নাৰী গৰাকীৰ শিঁৰৰ সিন্দুৰ কণেও মেলানি মাগে অতি কম সময়ৰ ভিতৰতে। এগৰাকী বিধৱা নাৰীয়ে সময়ে সময়ে গ্ৰহণ কৰিবলগীয়া প্ৰত্যাহ্বান সমূহ আচলতে আমাৰ কল্পনাৰো অগোচৰ; প্ৰতিটো দিনত সন্মুখীন হ’বলগীয়া ককৰ্থনা, সমাজৰ লাঞ্ছনা ইত্যাদিয়ে কেতিয়াবা তেওঁলোকক ইমানেই অধিক দৃঢ় কৰি তোলে যে পিছলৈ তেওঁলোকৰ অন্তৰৰ পৰা শেষ হৈ পৰে শংকাৰ অথবা ভয়ৰ। এনে কিছু বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মিত একাংশ কাহিনীক ইতিমধ্যে অসমীয়া দৰ্শকে জনাইছে সঁহাৰি আৰু শেহতীয়াকৈ এনে এক বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “প্ৰত্যুষ”; অৰিন্দম বৰুৱাৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত একোখন চুটি ছবিৰ ভিতৰত অন্যতম হৈছে উক্ত চুটি ছবিখন। ১২ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে ইতিমধ্যে জনসাধাৰণক আকৰ্ষণক কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ই লাভ কৰিছে ছবি সমালোচকৰ প্ৰশংসা আৰু বিভিন্ন বঁটা।

প্ৰায় ৩১ টা বঁটাপ্ৰাপ্ত তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত অৰিন্দম বৰুৱাৰ "প্ৰত্যুষ"- 2
প্ৰায় ৩১ টা বঁটাপ্ৰাপ্ত তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত অৰিন্দম বৰুৱাৰ "প্ৰত্যুষ"- 3


শেহতীয়াকৈ এই চুটি ছবিখন ৰাষ্ট্ৰীয় ডিজিটেল প্লেটফৰ্ম Moviesaints.com ত মুকলি কৰা হৈছে। উক্ত প্লেটফৰ্মটোতেই অসমীয়া ছবি ক্ৰমে “আমিষ”, “বৰনদী ভঁটিয়ায়” আৰু “লোকেল কুংফু” আদিক অন্তৰ্ভূক্ত কৰা হৈছিল। অৰিন্দম বৰুৱা “প্ৰত্যুষ” ত এগৰাকী বিধবাৰ তেওঁৰ দুই সন্তানৰ সৈতে অব্যাহত ৰখা জীৱন যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহক উপস্থাপন কৰা হৈছে। এখন সৰু দোকানৰ দ্বাৰা অৰ্জন কৰা কিছু টকাৰে পৰিয়ালক পোহ-পাল দিয়া স্বামীৰ মৃত্যুৰ পিছত সন্তানক সাধাৰণ শিক্ষা দিবলৈও পোৱা কষ্ট লগতে জনসাধাৰণে দিয়া মিছা আশ্বাস আদিয়ে বিধৱা গৰাকীৰ জীৱনটো আৰু কিমান কষ্টকৰ কৰি তুলিব পাৰে তাকেই দেখুওৱা হৈছে এই চুটি ছবিখনত। প্ৰায় ৩১ টা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰে দৰ্শকৰ হৃদয় জিনা এই চুটি ছবিখনত অভিনয় কৰিছে জান্হৱী গগৈ, কিৰণময়ী বৰা, ঋষভ ৰিতম গগৈ, অনীষা দত্ত, অনুপম দত্ত, মানস প্ৰতীম চেতিয়া, নয়ন জ্যোতি ডেকা,জ্যোতি দত্ত আৰু কৰৱী দত্তই।

প্ৰায় ৩১ টা বঁটাপ্ৰাপ্ত তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত অৰিন্দম বৰুৱাৰ "প্ৰত্যুষ"- 4
প্ৰায় ৩১ টা বঁটাপ্ৰাপ্ত তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত অৰিন্দম বৰুৱাৰ "প্ৰত্যুষ"- 5


চুটি ছবিখনৰ কাহিনী ৰীতা ভূঞা বৰুৱাৰ। চিত্ৰনাট্য ৰীতা ভূঞা বৰুৱা আৰু অৰিন্দম বৰুৱাৰ; সংলাপ ৰীতা ভূঞা বৰুৱা আৰু নিবিড় আকাশ বৰুৱাৰ। ঋষিকা বৰুৱা, ভাস্কৰ জ্যোতি দত্ত আৰু প্ৰভাত দাসৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা আৰছাদ আহমেদ আৰু অৰিন্দম বৰুৱাৰ। সহঃ পৰিচালনা অনুপম দত্ত, অঞ্জন ধন বৰদলৈ আৰু মনোজ দত্তৰ। প্ৰযোজনা বিভাগত আছে মনোজ দত্ত, মনোজ বনিয়া আৰু পৰস দত্ত।

Add comment

Leave a Reply