Rupaliparda.com
Filmera International Music & Online Film Festival ত মনোনীত একমাত্ৰ অসমীয়া চুটি ছবি "অপৰাহ্ন"- 1

Filmera International Music & Online Film Festival ত মনোনীত একমাত্ৰ অসমীয়া চুটি ছবি “অপৰাহ্ন”-

অসমীয়া চুটি ছবিৰ বৰ্তমানেও অব্যাহত আছে জনপ্ৰিয়তা। ইখনৰ পিছত সিখন চুটি ছবিয়ে চুমুক দিছে সফলতাত। বিগত বৰ্ষতেই নিৰ্মিত “অপৰাহ্ন” শীৰ্ষক চুটি ছবিখনে পুনৰ বাৰ দৰ্শকৰ ধ্যান আকৰ্ষণ কৰাত সক্ষম হৈছে। বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন লাভ কৰা লগতে ছবি সমালোচকৰ পৰা প্ৰশংসিত “অপৰাহ্ন” য়ে আকৌ এবাৰ মনোনয়ন লাভ কৰিছে Filmera International Music & Online Film Festival ত। Filmera Tv শীৰ্ষক অনলাইন এপটোত বৰ্তমান উপলদ্ধ চুটি ছবিখন দৰ্শকে উপভোগ কৰাৰ লগতে হাত চাপৰি বজোৱাৰ প্ৰতি লক্ষ্য কৰি “অপৰাহ্ন” ক প্ৰদান কৰা হ’ব “People Choics Award”; আনহাতে ছবি সমালোচৰ কাহিনী, উপস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি মহোৎসৱখনৰ বিচাৰকে ছবিসমূহক প্ৰদান কৰিব তেওঁলোকৰ প্ৰাপ্ত বঁটা। উল্লেখ্য যে, এই ছবি মহোৎসৱখনত মনোনয়ন প্ৰাপ্ত একমাত্ৰ অসমীয়া চুটি ছবিখনেই হৈছে “অপৰাহ্ন”। ছবিখনত অভিনয় কৰিছে কিছমত বানু আৰু মৌচুমী বৰগৈয়াৰীয়ে। সহযোগী পৰিচালক হিচাপে কাম কৰিছে পংখী পেগুয়ে আৰু সহঃ পৰিচালকত দায়িত্বত আছে অংকুৰ ডেকা, গাৰ্গী দত্ত আৰু পুনম খনিকৰ।

https://tv.filmeraa.app/

Filmera International Music & Online Film Festival ত মনোনীত একমাত্ৰ অসমীয়া চুটি ছবি "অপৰাহ্ন"- 2


সংগীত পৰিচালনা সৌৰভ মহন্তৰ লগতে ভি.এফ.এক্স দিছে দীপজ্যাতি সন্দিকৈয়ে। উক্ত চুটি ছবিখন নৱপ্ৰজন্মৰ পৰিচালক মানৱ জ্যোতি বৰুৱাৰ প্ৰথমটো প্ৰচেষ্টা আছিল; এই প্ৰথমটো প্ৰচেষ্টাতেই বিভিন্ন জন ছবি সমালোচকৰ পৰা লাভ কৰা সঁহাৰিয়ে আচলতে পৰিচালক গৰাকীৰ উপস্থাপনৰ পুংখানুপুংখতাক বুজাই দিছে। এটা কবিতাৰ আধাৰ লৈ নিৰ্মিত এই চুটি ছবিখনত এগৰাকী শিল্পীৰ কোনো এটা বস্তুৰ সৃষ্টিত মনৰ ভাৱবোৰৰ ক্ষেত্ৰত হোৱা খেলি-মেলিক দেখুওৱা হৈছে। এক কথাত, সৃষ্টিশীল মন একোটাত চলা বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াক পৰিচালক গৰাকীয়ে জনসাধাৰণৰ মাজত উলিয়াই দিয়াৰ চেষ্টা কৰিছিল। গতিকে, ১৫ দিন পৰ্যন্ত চলিবলগীয়া এই মহোৎসৱখনৰ উক্ত অনলাইন এপটোত উপলদ্ধ চুটি ছবিখন উপভোগ কৰাৰ লগতে হাত চাপৰিৰে সঁহাৰি জনাবলৈ এতিয়া আহ্বান জনাইছে “অপৰাহ্ন” টীমৰ সমগ্ৰ সদস্যই।

Filmera International Music & Online Film Festival ত মনোনীত একমাত্ৰ অসমীয়া চুটি ছবি "অপৰাহ্ন"- 3


অসমীয়া নৱপ্ৰজন্মই কৰা চেষ্টা-প্ৰচেষ্টাই অৱশ্যেই অসমীয়া জনসাধাৰণক উৎসাহিত কৰি তুলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সৃষ্টিত থকা ব্যতিক্ৰমী ভাৱ আৰু নতুনত্বত আকৰ্ষিতও হয় বহুল হাৰত দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform