Rupaliparda.com
মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প "যাত্ৰা… এখন ছবিৰ" শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- 1

মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প “যাত্ৰা… এখন ছবিৰ” শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ-

“লক-ডাউন” ৰ মাজতেই পৰিকল্পিত এটি প্ৰকল্প; অসমীয়া ছবি জগতৰ নক্ষত্ৰ তথা পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত এই প্ৰকল্পটোৰ নাম হৈছে “যাত্ৰা… এখন ছবিৰ”। এনে এক অভিনৱ প্ৰচেষ্টাৰে জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা কৰা মানস বৰুৱাই শেহতীয়াকৈ মুকলি কৰিছে “যাত্ৰা…এখন ছবিৰ” এটি টিজাৰ। আমাক একোখন ছবিৰ আৰম্ভণিৰ খবৰে যেনেদৰে উৎসাহিত কৰে ঠিক তেনেদৰে আমি দৰ্শক বোৰ ছবিসমূহৰ আঁৰৰ ঘটনাবোৰো জানিবলৈও যথেষ্ট উৎসাহী হৈ থাকো। “যাত্ৰা… এখন ছবিৰ” শীৰ্ষক এই প্ৰকল্পটোত কিছুমান পূৰণি ছবিক লৈ সেইবোৰৰ নিৰ্মাণৰ যাত্ৰাৰ লগতে চিত্ৰনাট্য, সংলাপ আদি প্ৰস্তুতকৰণৰ সময়ছোৱাত ঘটা ভিন্ন ঘটনা-পৰিঘটনাকো দেখুৱাবলৈ প্ৰয়াস কৰা হ’ব। অৰ্থাৎ ছবিখন নিৰ্মাণৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ছবিখন শেষ কৰা পৰ্যন্ত তাত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ মনৰ ভাৱবোৰক এইবাৰ জানিবলৈ পাব অসমীয়া দৰ্শকে। পিতৃ যুগটোৰ কিছু সাঁচি থোৱা স্মৃতিক ৰোমন্থন কৰাৰ মানসেৰে উক্ত প্ৰকল্পটোক হাতত লৈছিল পৰিচালক মানস বৰুৱাই।

মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প "যাত্ৰা… এখন ছবিৰ" শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- 2


অহা ১ নৱেম্বৰ তাৰিখে “যাত্ৰা… এখন ছবিৰ” আৱহ সংগীতটোৰ ভিডিঅ’ শ্বুট কৰা হ’ব। উল্লেখ্য যে, সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা একাংশ ছবিৰ কাহিনী, চৰিত্ৰ সমূহক জীয়াই ৰখাৰ উদ্দেশ্যৰে কৰা এই প্ৰয়াস সঁচাকৈ আদৰণীয়। “যাত্ৰা… এখন ছবিৰ” প্ৰথমটো খণ্ডৰ আৰম্ভণি হ’ব “প্ৰভাতী পখীৰ গান” নামৰ এখন ছবিৰ মাজেৰে। Zeal Creation নামে ইউটিউব চেনেলত মুক্তি পাবলগীয়া এই প্ৰকল্পটোৰ প্ৰযোজনা কৰিছে Zeal Creation ৰ বেনাৰত শ্যামন্তক গৌতম আৰু মানস বৰুৱাই। অতিশীঘ্ৰে জনসাধাৰণৰ সমুখলৈ আহিবলগীয়া এই প্ৰকল্পটোৰ শীৰ্ষ গীতটিৰ দায়িত্বত আছে পৰাণ বৰকটকী (জজ)।আনহাতে, গীতটিৰ কথা শশাংক সমীৰৰ আৰু মানস বৰুৱাৰ সমান্তৰালকৈ ইয়াৰ পৰিচালনা টীমত আছে অনুপম বৈশ্য আৰু হেমন্ত গগৈ। সম্পাদনা প্ৰতীম খাউণ্ডৰ।

মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প "যাত্ৰা… এখন ছবিৰ" শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- 3


অসমীয়া জনসাধাৰণক আমোদ প্ৰদানৰ বাবে কৰা এনে প্ৰয়াসে এতিয়া বাৰুকৈয়ে উৎসাহিত কৰি তুলিছে অসমীয়া জনসাধাৰণক। ইয়াৰ উপৰিও, মানস বৰুৱা ব্যস্ত তেওঁৰ আহিবলগীয়া পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি “বাৰুদ ২” ক লৈও। ছবিখনত পুনৰবাৰ অসমীয়া ছবি জগতৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform