Rupaliparda.com
কিয় পাৰ্টীলৈ নাযায় ছানী দেউল, অক্ষয় কুমাৰ আৰু অজয় দেৱগন?? 1

কিয় পাৰ্টীলৈ নাযায় ছানী দেউল, অক্ষয় কুমাৰ আৰু অজয় দেৱগন??

বলীউড পাৰ্টীবোৰ প্ৰায়ে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা যায়। সমান্তৰালকৈ, এই পাৰ্টীবোৰৰ ওপৰত প্ৰত্যেকেই চকু দিয়া দেখিবলৈ পোৱা যায় কিয়নো তাত সাধাৰণ মানুহৰ বাবে স্থান নাথাকে। কোনো এখন ছবিৰ সফলতাৰ লগে লগে এই পাৰ্টী সমূহৰ আয়োজন কৰা হয় বলীউডত। বহু প্ৰত্যাশিত হ’লেও এই পাৰ্টীবোৰৰ ওপৰত এনেও অপবাদ বৰ্তমান উঠিছে যে এই পাৰ্টীবোৰত মদিৰাৰ লগতে দিয়া হয় ড্ৰাগছো। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত এই কথাবোৰ আৰু অধিক সক্ৰিয় ৰূপত বাহিৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছিল। কিন্তু, বলীউডত এনেও একাংশ চিলেব্ৰেটী আছে যিয়ে এই পাৰ্টীবোৰত যাবলৈ বেয়া পায় অথবা তেওঁলোকক পাৰ্টীবোৰত দেখিবলৈও পোৱা নাযায়। এনে চিলেব্ৰেটী সমূহৰ ভিতৰত কেইগৰাকীমান হৈছে ক্ৰমে ছানী দেউল, অক্ষয় কুমাৰ আৰু অজয় দেৱগন। যদিও ছানী দেউলৰ পিতৃ ধৰ্মেন্দ্ৰই প্ৰত্যেককে খুওৱাই ভাল পায় তথাপিও পুত্ৰ ছানী দেউল কিন্তু পাৰ্টীবোৰৰ পৰা বিৰত থাকে। মদ্যপানো অভিনেতা গৰাকীয়ে নকৰে। তেওঁৰ মতে, মদ্যপান কৰা পিছতেই কোনো ব্যক্তিয়ে ভাল বেয়াৰ হিচাপ ৰাখিব নোৱাৰে।

কিয় পাৰ্টীলৈ নাযায় ছানী দেউল, অক্ষয় কুমাৰ আৰু অজয় দেৱগন?? 2
কিয় পাৰ্টীলৈ নাযায় ছানী দেউল, অক্ষয় কুমাৰ আৰু অজয় দেৱগন?? 3
কিয় পাৰ্টীলৈ নাযায় ছানী দেউল, অক্ষয় কুমাৰ আৰু অজয় দেৱগন?? 4


আনহাতে, অক্ষয় কুমাৰৰ কথা প্ৰত্যেকেই জানে যে তেওঁ নিশা ৯ বজাত শুই ৰাতিপুৱা ৪ বজাত উঠি কচৰৎ কৰে। তেনেস্থলত তেওঁ পাৰ্টীত বেছি সময় থকাটো তেওঁৰ নিজৰ স্বাস্থ্যৰ বাবে অনুপযোগী। অক্ষয় যি দ্ৰুতগতিত পাৰ্টীলৈ আহে সেই গতিত তেওঁ বাহিৰলৈও ওলাই যায়। ইয়াৰ লগতে, অজয় দেৱগনে যদিও সুৰাপান কৰে তথাপিও তেওঁ এইবোৰ অচিনাকীৰ সৈতে কৰিবলৈ নিবিচাৰে। ফলত তেওঁ প্ৰায়ে পাৰ্টীলৈ নোযোৱাকৈ থাকে আৰু অভিনেতাগৰাকীক দেখিবলৈও পোৱা নাযায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.