“Arranged” চুটি ছবিখনে ইতিমধ্যে দৰ্শকক ইমানেই বেছি আকৰ্ষণ কৰি পেলাইছে যে সৰ্বত্ৰে চলা ইয়াৰ চৰ্চা সমূহেও চুটি ছবিখনক এক বেলেগ পৰ্যায়ত উপনীত কৰাত সক্ষম হৈছে। চুটি ছবিখনৰ কাহিনীভাগ তথা ইয়াৰ উপস্থাপনৰ লগতে চুটি ছবিখনত অভিনীত প্ৰতিটো চৰিত্ৰৰ অভিনয় আছিল উল্লেখনীয়। লিমা দাস, ৰঞ্জীৱ লাল বৰুৱাৰ লগতে “Arranged” খনক আৰু অধিক উপভোগ্য কৰি তুলিছিল হৰ্ষ সিদ্ধান্ত নামৰ এজন নৱপ্ৰজন্মৰ প্ৰতিভাই। এই প্ৰতিভাগৰাকীয়ে চুটি ছবিখনৰ কাহিনীভাগো লিখি উলিয়াইছিল। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত আমি এইগৰাকী প্ৰতিভা হৰ্ষ সিদ্ধান্তৰ সৈতে পাতিছিলো কিছু কথা। মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আচলতে বিগত তিনি বছৰৰ পৰাই মই সক্ৰিয় হৈ স্ক্ৰীণ ৰাইটিঙৰ কাম শিকিবলৈ আৰম্ভ কৰিছিলো। মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে নিজাববীয়াকৈ যিমান পাৰো এই স্ক্ৰীণ ৰাইটিঙৰ ওপৰত শিকিবলৈ চেষ্টা কৰি আছো। ইয়াৰ লগতে, অভিনয় আৰু সংগীতৰ সৈতে মই সৰুৰ পৰা অৰ্থাৎ “আছাম ভেলী স্কুল” ত পঢ়ি থকা দিনৰ পৰা জড়িত। পঢ়ি থকা অৱস্থাত থিয়েটাৰত সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিলো; তেতিয়াৰ পৰাই মই এই ছবিজগত খনত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছো। মই লিখি ৰখা কাহিনী, চিত্ৰনাট্যবোৰক সুন্দৰ ৰূপত কেনেদৰে জনসাধাৰণৰ মাজলৈ লৈ আনিব পাৰো তাৰ বাবে কৰি থকা প্ৰয়াসৰ মাজতেই মই ফোন কৰিছিলো সমুজ্জল ছাৰক লগতে ৰঞ্জীৱ ছাৰক। ৰঞ্জীৱ ছাৰক আগতেই মই স্কুলত লগ পাইছিলো গতিকে তেনেদৰেই মই “Arranged” ৰ কাহিনীটো লৈ এওঁলোকৰ কাষ চাপিছিলো।”

হৰ্ষে আগলৈ কয় যে, “Arranged” মোৰ বাবে এই বিশাল ক্ষেত্ৰখনত সোমাবালৈ কৰা এটা সৰু প্ৰয়াসহে; মই এতিয়ালৈ যে সম্পূৰ্ণৰূপে মনোৰঞ্জন জগতত সাঙুৰ খাইছো সেয়া একাষাৰে ক’ব নোৱাৰো। এইখিনিতে, এটা কথা ক’বই লাগিব যে মই নেটফ্লিক্সৰ সৈতে চলিত বৰ্ষৰ আৰম্ভণিতে কাম কৰাৰ সুবিধা পাইছিলো; তেওঁলোকৰ এখন ৱেব চিৰিজৰ গৱেষণা টীমত মই কাম কৰিছিলো আৰু সঁচাকৈ সেই প্ৰকল্পটোৱে মোক বহুখিনি অভিজ্ঞতা দিলে। বিভিন্ন জন বলীউডৰ কলা-কুশলীৰ সৈতে কাম কৰা সুবিধা লাভ কৰিছিলো।” শেহতীয়াকৈ জনপ্ৰিয় হোৱা চুটি ছবি “Arranged” ৰ সফলতাক লৈ তেওঁৰ মতামত জানিবলৈ বিচৰাত হৰ্ষে কয় যে, “চুটি ছবিখনৰ সফলতাক লৈ মই ৰাইজৰ ওচৰত সঁচাকৈ কৃতজ্ঞ। আমি কোনো এটা বস্তু তেতিয়ালৈ সফল বুলি ক’ব নোৱাৰো যেতিয়ালৈ সেই বস্তুটোৰ সৈতে জনসাধাৰণে সংযোগ কৰিব নোৱাৰে।আমাৰ এই চুটি ছবিখনৰ বাবেও এয়াই সফলতা যে ইয়াক দৰ্শকে গ্ৰহণ অথবা আঁকোৱালি লৈছে।

আমি আগলৈও এয়াই চেষ্টা কৰিম যাতে আমি যিয়ে নকৰো কিয় সেয়া দৰ্শকৰ বাবে কৰিম। কেৱল ছবি সমালোচকৰ দ্বাৰা প্ৰশংসা লাভ কৰা লগতে ছবি সমাৰোহ সমূহত বঁটা লাভ কৰাই আচলতে আমাৰ লক্ষ্য-উদ্দেশ্য নহয়। সৰুকৈ হ’লেও এতিয়াৰ দৰ্শকে অসমত হোৱা এনেবোৰ সলনি আৰু এনেবোৰ কামক আঁকোৱালি লৈছে গতিকে আমি যদি সমগ্ৰ ভাৰতবৰ্ষতে অসমত এনেবোৰ কাৰিকৰী, অভিনয়ৰ দিশৰ পৰা হোৱা ভাল কামবোৰক উপস্থাপন কৰিব পাৰো তেতিয়াহ’লে তাতকৈ অধিক আৰু ভাল লগা কথা কি হ’ব পাৰে! আগলৈও দৰ্শকৰ এনে সঁহাৰিয়ে আমি আশা কৰিছো।” হৰ্ষ সিদ্ধান্তৰ পৰা তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,

“বৰ্তমান মই মুম্বাইস্থিত এখন কলেজত চিনেমাৰ দিশটোত মাষ্টাৰচ কৰি আছো। এই দিশটোত মই মোৰ শিক্ষাটো সম্পূৰ্ণ কৰিব খুজিছো আৰু অহা বছৰত আচলতে মোৰ আনুষ্ঠানিক শিক্ষাৰ শেষৰটো বৰ্ষ। ইয়াৰ লগতে, ভাস্কৰ হাজৰিকা ছাৰৰ সৈতে মোৰ কেইবাটাও প্ৰকল্পৰ কথা চলি আছে আৰু সমুজ্জল ছাৰৰ সৈতেও কিছু কাম অব্যাহত আছে। গতিকে আহিবলগীয়া সময়ত ৰাইজৰ মাজলৈ কিছু সুন্দৰ কাম লৈ অনাৰ চেষ্টা কৰিছো। অৱশেষত, ৰূপালীপৰ্দা পেজটোৰ ফালৰ পৰাই মই আমাৰ Arranged ৰ সমূহ কলা-কুশলী লগতে সদস্যক ধন্যবাদ জ্ঞাপন কৰিছো।”
Add comment