Rupaliparda.com
সুন্দৰ শব্দ-অনুভূতিৰ মিশ্ৰণেৰে "চাকনৈয়া"- 1

সুন্দৰ শব্দ-অনুভূতিৰ মিশ্ৰণেৰে “চাকনৈয়া”-

সম্প্ৰতি সময়ত সংগীত ক্ষেত্ৰখনত বিভিন্ন গীতৰ সৃষ্টি আমি লক্ষ্য কৰিছো। য’ত একাংশ গীতৰ সৃষ্টিৰ আঁৰত আছে অভিজ্ঞ জন তাতেই আকৌ আনহাতে একাংশ নৱপ্ৰজন্মৰ সৃষ্টিয়েও আকৰ্ষণ কৰিছে সকলোকে। যদিও ইটোৰ পিছত সিটো গীতৰ সৃষ্টি হৈছে তথাপিও তাৰেই ভিতৰত একাংশ এনে গীত আছে যাক এবাৰ শুনাৰ পিছতেই আচলতে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা প্ৰেমত পৰে গীত সমূহৰ। শেহতীয়াকৈ এনে এটা গীতৰ মুক্তিত মন্ত্ৰমুগ্ধ হৈ পৰিছিল অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা। গীতটিয়ে মুক্তি লাভ কৰা পিছত অৱশ্যে একাংশই চচিয়েল মিডিয়াত এনেদৰেও মন্তব্য কৰিছিল যে গীতটিত থকা কথাই শ্ৰোতাৰ মাজলৈ কিছু নতুন শব্দক লৈ অনাৰ লগতে সেইবোৰৰ অৰ্থ বিচাৰি অভিধান চাবলৈ বাধ্য কৰোৱাইছে। নৱপ্ৰজন্মই এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱাৰ বাবে কৰা অহৰহ প্ৰয়াস আৰু তেওঁলোকৰ সৃষ্টিত থকা নতুনত্বই সঁচাকৈ টানিছে জনসাধাৰণক।


ইতিমধ্যে আপোনালোকৰ ওচৰত যিটো গীতৰ ইমান উল্লেখ কৰা হৈছে; সেই গীতটিৰ নাম হৈছে “চাকনৈয়া”। Dhwani Records নামে ইউটিউব চেনেলটোত সদ্যমুক্তিপ্ৰাপ্ত গীতটোত শ্ৰোতাৰ উপভোগৰ সংখ্যাই আকাশমাৰ্গলৈ গতি নকৰিলেও গীতটিত থকা কথাখিনি ইতিমধ্যে প্ৰশংসিত হৈ পৰিছে। “চাকনৈয়া” শীৰ্ষক এই গীতটিত কথা পাপলু চেতিয়াৰ আৰু ইয়াত কন্ঠদান কৰিছে কুইনী বুঢ়াগোঁহাইয়ে। গীতটিত সুৰ প্ৰবীণ বৰাৰ আৰু সংগীত প্ৰযোজনা অনুপম কোঁৱৰৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা জিম আলমৰ; দৃশ্যগ্ৰহণ হীৰকজ্যোতিৰ আৰু সম্পাদনা বৰ্ষ দুৱৰাৰ।

সুন্দৰ শব্দ-অনুভূতিৰ মিশ্ৰণেৰে "চাকনৈয়া"- 2


নৱপ্ৰজন্মৰ নতুন সৃষ্টি আৰু তেওঁলোকৰ ব্যতিক্ৰমী প্ৰচেষ্টাক লৈ উৎসাহিত সকলো। আগন্তুক সময়তো তেওঁলোকৰৰ ন-ন সৃষ্টিয়ে জনসাধৰণৰ মাজত সৃষ্টি কৰিছে উৎকন্ঠাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform