Rupaliparda.com
ইটোৰ পিছত সিটো ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ 1

ইটোৰ পিছত সিটো ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ

ৰোমান্টিক গীত সমূহৰ ক্ষেত্ৰত নিজৰ স্থিতি অধিক মজবুত কৰি তোলা ৰাকেশ ৰিয়ানৰ কন্ঠৰে আহি আছে আকৌ এটি নতুন গীত। “অ মোৰে জান” ৰ পিছত এইবাৰ অনুৰাগীৰ মাজলৈ তেওঁৰ আন এটি ৰোমান্টিক গীত “তোমাৰেই নামত” আহিবলৈ সাজু হৈ পৰিছে। ইটোৰ পিছত সিটোকৈ ৰোমান্টিক গীতৰ সৃষ্টিৰে ৰাইজৰ কাষ চপা ৰাকেশ ৰিয়ানৰ বৰ্তমানৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। সংগীত ক্ষেত্ৰখনত খোজ দিয়াৰ পিছৰ পৰা অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ পৰা এইগৰাকী কন্ঠশিল্পীৰ আহিবলগীয়া এই গীতটিয়ে মুক্তি লাভ কৰিব অহা ৭ নৱেম্বৰ তাৰিখে। ইতিমধ্যে গীতটিৰ ভিডিঅ’ৰ শ্বুটিঙত ব্যস্ত আছে কন্ঠশিল্পী ৰাকেশ ৰিয়ান; তেওঁৰ সৈতে গীতটিত দেখিবলৈ পোৱা যাব ৰিচা চেত্ৰীক। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

ইটোৰ পিছত সিটো ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ 2


কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰি কন্ঠশিল্পী গৰাকীয়ে। তেওঁৰ গীতটিৰ অধিক তথ্য বৰ্তমানেও দিয়া হোৱা নাই যদিও তেওঁৰ এই আহিবলগীয়া গীতটিক লৈ অপেক্ষাৰত ৰাকেশ ৰিয়ানৰ অনুৰাগী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.