Rupaliparda.com
মহিলাই ঘৰৰ পৰা বাহিৰলৈ ওলাই কাম কৰাক লৈ আপত্তি মুকেশ খান্নাৰঃ 1

মহিলাই ঘৰৰ পৰা বাহিৰলৈ ওলাই কাম কৰাক লৈ আপত্তি মুকেশ খান্নাৰঃ

MeToo ৰ ওপৰত নিজ মন্তব্য প্ৰকাশ কৰি ৰাইজৰ ৰোষত পৰিল শক্তিমান অৰ্থাৎ অভিনেতা মুকেশ খান্না। প্ৰায়ে বিভিন্ন দিশত নিজ মতামত ব্যক্ত কৰা অভিনেতা মুকেশ খান্নাই শেহতীয়াকৈ #MeToo ৰ ওপৰত কৰা মন্তব্য এতিয়া বহুল ৰূপত ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। তেওঁ নিজ ভিডিঅ’টোত পুৰুষ তথা মহিলাৰ মাজত থকা পাৰ্থক্যক বুজাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল। অভিনেতা গৰাকীয়ে কয় যে,”মহিলা তথা পুৰুষ ভিন্ন আৰু এওঁলোকৰ সৃষ্টিও ভিন্ন। পৰিয়াল চম্ভালা মহিলাসকলৰ প্ৰধান কাম । #MeToo তেতিয়াৰ পৰা আৰম্ভ হৈছিল যেতিয়াৰ পৰা মহিলা সকলে ঘৰৰ পৰা বাহিৰলৈ ওলাই কাম কৰিবলৈ আৰম্ভ কৰিছিল। মহিলা সকলে বৰ্তমান পুৰুষৰ সৈতে খোজত খোজত মিলাই আগবঢ়াৰ প্ৰয়াস কৰিছে কিন্তু এইবোৰৰ মাজত অধিক সেইটো সন্তানে কষ্ট পায় যাক মাকৰ পৰা আঁতৰ কৰি দিয়া হয়।”

তেওঁ আগলৈ কয় যে, “পুৰুষ সদায় পুৰুষ আৰু মহিলা সকল সদায় তেওঁলোকৰ স্থানতেই থাকিব।” ভিডিঅ’টোৰ প্ৰচাৰৰ পিছতেই একাংশই এনেকৈয়ো মন্তব্য কৰে যে শক্তিমান সঁচা অৰ্থত ক’বলৈ গ’লে “কিলৱিচ” হে আছিল। তেওঁৰ অনুৰাগীয়ে বৰ্তমান তেওঁৰ মানসিকতাৰ ওপৰতো প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে মুকেশ খান্নাই কপিল শৰ্মা শ্ব’টোক অশ্লীল বুলিও আখ্যা দিয়া দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.