Rupaliparda.com
এক্সক্লুচিভ- "নেপোটিজিম" আচলতে অকল ইণ্ডাষ্ট্ৰীৰ মাজতেই হৈ থকা নাই"- শ্বাহনাৱাজ হুচেইন 1

এক্সক্লুচিভ- “নেপোটিজিম” আচলতে অকল ইণ্ডাষ্ট্ৰীৰ মাজতেই হৈ থকা নাই”- শ্বাহনাৱাজ হুচেইন

বলীউডত এনে বহু অভিনেতা-অভিনেত্ৰী যিয়ে নিজৰ এটা বিশেষ চৰিত্ৰ লাভ কৰিবলৈ বহু পূৰ্বৰে পৰা কষ্ট তথা সংগ্ৰামত বৰ্তি থাকিবলগীয়া হয়। মাত্ৰ এটা বিশেষ চৰিত্ৰৰ বাবে দিয়া অডিশ্বন অথবা বাৰে বাৰে নাকচ হোৱা কথাবোৰো আমি প্ৰায়ে দেখিবলৈ পাওঁ। বলীউডত বৰ্তমান সলনি হোৱা হিৰো’ ৰ সংজ্ঞা আৰু তাৰ সমান্তৰালকৈ একাংশ অভিনেতাই লাভ কৰা সমাদৰে এই ক্ষেত্ৰখনক অধিক গ্ৰহণযোগ্য কৰি তুলিছে। ইতিমধ্যে থিয়েটাৰ তথা টেলিভিছত জগতখনৰ কেইবাখনো ধাৰাবাহিকত অভিনীত এগৰাকী অভিনেতাক দেখিবলৈ পোৱা যাব প্ৰয়াগ ৰাজৰ এখন ৱেব চিৰিজত। অভিনেতা গৰাকীৰ নাম হৈছে শ্বাহনাৱাজ হুচেইন; তেওঁক “সাৱধান ইণ্ডিয়া” ৰ পৰা আৰম্ভ কৰি “কুমকুম ভাগ্য”, “ইস্কবাজ”, “থপকী প্যাৰ কি” আদি ধাৰাবাহিকত দেখিছে দৰ্শকে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মনোৰঞ্জন ধৰ্মী ৱেব পৰ্টেল “ৰূপালীপৰ্দা” ই শেহতীয়াকৈ এইগৰাকী অভিনেতাৰ সৈতে এক্সক্লুচিভলি পাতিছিল কিছু কথা। অভিনেতাগৰাকীয়ে অভিনয় ক্ষেত্ৰখনত কেনেদৰে আৰম্ভণি কৰিছিল জানিবলৈ বিচৰাত তেওঁ কৈছিল যে, “পোনপ্ৰথমে মোৰ অভিনয়ৰ আৰম্ভণি হৈছিল মধ্যপ্ৰদেশত কৰা থিয়েটাৰৰ পৰা, তাৰ পিছতেই দিল্লী আৰু পুনেলৈ ধাৱমান হ’লো। এই দুই ঠাইতেও মই থিয়েটাৰতেই অভিনয় কৰিছিলো; পৰৱৰ্তী কিছু বছৰ পিছত মই মুম্বাইলৈ গৈ অভিনয়ৰ যি বিশেষ শিক্ষা থাকে তাক গ্ৰহণ কৰি অভিনয় ক্ষেত্ৰখনত সোমাবলৈ যোৱা ১৩ বছৰ ধৰি নিজ চেষ্টা অব্যাহত ৰাখিছো। এনেদৰেই মই মোৰ অভিনয় আৰম্ভ কৰিছিলো।”

এক্সক্লুচিভ- "নেপোটিজিম" আচলতে অকল ইণ্ডাষ্ট্ৰীৰ মাজতেই হৈ থকা নাই"- শ্বাহনাৱাজ হুচেইন 2


বলীউডত চলা “নেপটিজিম” ৰ বিষয়টোক লৈ প্ৰশ্ন কৰাত শ্বাহনাৱাজে কয়, “নেপোটিজিম” আচলতে অকল ইণ্ডাষ্ট্ৰীৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই। এয়া প্ৰতিটো ক্ষেত্ৰতেই কম-বেছি পৰিমাণে আছে। ডাক্তৰে নিজৰ সন্তানক ডাক্তৰ বনাব, ইঞ্জিনিয়াৰে ইঞ্জিনিয়াৰ বনাব। আৰু, যদি তুমি প্ৰতিভাশালী আৰু সামৰ্থৱান হয় তেতিয়াহ’লে তোমাক আগবাঢ়ি যোৱাত কোনো হকা-বাধা দিব নোৱাৰে; তোমাৰ কোনো “গডফাদাৰ” থাকক বা নাথাকক সেয়া কোনো কাৰণেই গ্ৰহণযোগ্য নহয় যদিহে তোমাৰ মাজত প্ৰতিভা আছে। ইণ্ডাষ্ট্ৰীটোত বহু এনে অভিনেতা-অভিনেত্ৰী আছে যাৰ পিতৃ-মাতৃ ইয়াত থকা বাবে তেওঁলোকে সুন্দৰ আৰম্ভণি লাভ কৰিছিল যদিও এয়া বহু দিনলৈ নাথাকিল। গতিকে, প্ৰতিভা থাকিলে “নেপোটিজিম” য়ে একো কৰিব নোৱাৰে। নিজেই নিজৰ “গডফাদাৰ” হৈয়ে আগবাঢ়ি যাব লাগিব। অভিনেতা গৰাকীৰ আহিবলগীয়া প্ৰজেক্ট অৰ্থাৎ ৱেব চিৰিজখনত তেওঁৰ চৰিত্ৰটোত দৰ্শকে কি নতুন দেখিবলৈ পাব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এই চৰিত্ৰটো সম্পূৰ্ণ ৰাজনৈতিক ভিত্তিত গঢ় লৈ উঠা।”

এক্সক্লুচিভ- "নেপোটিজিম" আচলতে অকল ইণ্ডাষ্ট্ৰীৰ মাজতেই হৈ থকা নাই"- শ্বাহনাৱাজ হুচেইন 3


তেওঁ আগলৈ কয় যে, “এজন নেতাৰ সৰু ভাতৃৰ চৰিত্ৰৰে মই ইয়াত নিগেটিভ চৰিত্ৰ এটা ৰূপায়ন কৰিছো। ক্ষমতাশালী এটা নিগেটিভ চৰিত্ৰ; মই ইয়াত একচন কৰা দেখিবলৈ পাব দৰ্শকে। মোক ইয়াত ভৰিত গুলি মাৰি দিয়া হ’ব আৰু তেনেকৈয়ে মই প্ৰত্যেকৰে ওপৰত প্ৰতিশোধ ল’ম। মই নিগেটিভ চৰিত্ৰ ৰূপায়ন কৰিছো যদিও এইবাৰৰ চৰিত্ৰটো পূৰ্বতকৈ বহু বেছি ব্যতিক্ৰম; মই সেইবাবেই ৱেব চিৰিজ খনৰ বাবে উৎসাহিত হয় আছো।” অসমলৈ অহাৰ কথা সোধাতো অভিনেতা গৰাকীয়ে অসমলৈ অহাক লৈ নিজ ইচ্ছা প্ৰকাশ কৰে। “

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.