Rupaliparda.com
Mystic Production House ৰ বেনাৰত নিৰ্মিত এটি সুন্দৰ গীত "INSAAN"- 1

Mystic Production House ৰ বেনাৰত নিৰ্মিত এটি সুন্দৰ গীত “INSAAN”-

আমাৰ দেশৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইয়াত সংঘটিত ধৰ্ষণ কাৰ্য। যিমানেই উন্নয়নশীল দেশৰ সংজ্ঞা দাঙি নধৰো কিয়! ইয়াত প্ৰতিটো মিনিটত সংঘটিত হৈ আছে ধৰ্ষণ অথবা ৰেপ। ইয়াৰে একাংশ সংবাদ মাধ্যম যোগে আমাৰ কাষ চাপে যদিও একাংশই সমাজৰ কথা ভাবি নিশ্চুপ হৈ থকাত এটা সময়ত গৈ এই ধৰ্ষণকাৰী সমূহে প্ৰশ্ৰয় লাভ কৰে। দৈনন্দিন সংবাদ পত্ৰখনত নহ’লে সংবাদ মাধ্যমসমূহত এনে এক বলাৎকাৰৰ ঘটনা যদি নেদেখো অথবা নপঢ়ো তেতিয়াহ’লে যেন প্ৰতিটো বাতৰিয়ে আধৰুৱা হৈ পৰিব জনসাধাৰণৰ বাবে তেনে অনুভৱ হয়। এই ঘটনা সমূহক লৈ প্ৰায়ে কিছুমান নতুন বিষয়বস্তুৰে জনসাধাৰণৰ মাজত সজাগ সচেতনতাৰ সৃষ্টি কৰা হৈছে যদিও ই কোনো সাংঘাতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰা নাই। কাৰণ, ক’ৰবাত নহ’লেও ক’ৰবাত কেইটামান নৰপিশাচৰ কামনাৰ বলি হৈয়ে আছে একোগৰাকী নাৰী অথবা একোটাকৈ কম বয়সীয়া শিশু। শেহতীয়াকৈ এনে এক বিষয়বস্তুৰ আঁত ধৰিয়ে নিৰ্মাণ কৰা হৈছিল এটি গীত “INSAAN”। এদিন পূৰ্বে মুক্তি লাভ কৰা এই গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনসাধাৰণৰ সমাদৰ।


গীতটিত কথা চমন মিস্ত্ৰী আৰু অমিত কুমাৰ পাণ্ডেৰ লগতে ইয়াত কন্ঠদান আৰু সংগীত পৰিচালনা কৰিছে চমন মিস্ত্ৰীয়ে। Mystic Production House ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ সংগীত প্ৰযোজনা পল্লৱ তালুকদাৰৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা শৰৎ গগৈৰ আৰু দৃশ্যগ্ৰহণ কৰিছে ৰিছি কাকতিয়ে; গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অংকুৰ জ্যোতি নেওঁগ, বিদ্যুৎ বিকাশ শইকীয়া, ৰন্তু ভূঞা, চম্পক ভূঞা, কাব্যশ্ৰী ফুকন আৰু শিল্পীশিখা তামুলীয়ে। সম্পাদনা শৰৎ গগৈ আৰু ৰিছি কাকতিৰ। এটা গীতেৰে সম্প্ৰতি সমাজৰ এক হৃদয়স্পৰ্শী বিষয়বস্তুক উপস্থাপন কৰাত সফল হৈছে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।

Mystic Production House ৰ বেনাৰত নিৰ্মিত এটি সুন্দৰ গীত "INSAAN"- 2


বৰ্তমান এটি কাহিনীৰে এটা সংগীত ৰাইজৰ মাজত আৰু অধিক গ্ৰহণযোগ্য কৰি তোলাৰ যি এক ধাৰা আৰম্ভ হৈছে; সেই ধাৰাৰ মাজতেই সৃষ্টি হোৱা একোটাকৈ সুন্দৰ গীতে ইতিমধ্যে আকৰ্ষণ কৰিছে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform