Rupaliparda.com
উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ 1

উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ

এয়া উৎসৱৰ বতৰ! ক’ৰোণা ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছিল যদিও উৎসৱৰ এই সময়ছোৱা সকলোৱে উলহ-মালহেৰেই পাৰ কৰিবলৈ চেষ্টা কৰিছে। এইখিনিতে, মনোৰঞ্জন ক্ষেত্ৰখনে নিজ প্ৰচেষ্টাৰে এই উৎসৱৰ দিনকেইটাত কোনো নহয় কোনো প্ৰকাৰে আকৰ্ষণ কৰিছ নিজ নিজ অনুৰাগীক।শিল্পী সকলৰ কোনোৱে যদি নতুন গীতৰ মুক্তি দিছে তাতেই আকৌ কোনোৱে নিজ ফটোশ্বুটৰ ফটো আপলোডেৰে অনুৰাগীক মুগ্ধ কৰিছে। ৰিম্পী দাসে শেহতীয়াকৈ আপলোড কৰা কেইখন ফটোৱে বাৰুকেয়ৈ আকৰ্ষণ কৰিছে তেওঁৰ অনুৰাগীক। অভিনেত্ৰী গৰাকীৰ ৰূপৰ প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায় বহুতক। অসমীয়া ছবিৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ অসমৰ নাম উজ্বলোৱা অভিনেত্ৰী গৰাকীয়ে হৈছে ৰিম্পী দাস। তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে।

উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ 2
উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ 3


ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে। অভিনয়ৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও সুন্দৰ অভিনয়ৰ গৰাকী ৰিম্পী দাসৰ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আছে বহু অনুৰাগী। এমাহ ফুৰিব যোৱাৰ মানসেৰে মুম্বাইলৈ গৈ লাভ কৰিছিল অভিনয়ৰ সুযোগ। বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক “আকবৰ বীৰবল” আছিল তেওঁৰ প্ৰথমখন হিন্দী ধাৰাবাহিক; য’ত তেওঁ অনাৰকলি চৰিত্ৰটো ৰূপায়ন কৰিছিল। ইয়াৰ পিছতেই তেওঁ “হাজিৰ জাৱাব বীৰবল”, চিয়া কে ৰাম”, “মহাকালি-অন্ত হি আৰম্ভ হে” ইত্যাদি জনপ্ৰিয় ধাৰাবাহিক কেইখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform