শেহতীয়াকৈ শ্বাহৰুখ খানে সম্পূৰ্ণ কৰিলে নিজৰ ৫৫ টা বৰ্ষ। কেইবাখনো জনপ্ৰিয় ছবিৰ উপহাৰ অনুৰাগীক প্ৰদান কৰা শ্বাহৰুখ খানৰ জন্মদিনটো প্ৰত্যেকৰে বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। লাখ লাখ অনুৰাগীৰে পৰিপূৰ্ণ হৈ থকা এই গৰাকী অভিনেতাৰ জন্মদিনত দেখিবলৈ পোৱা যায় তেওঁৰ বাসগৃহ “মন্নত” ৰ বাহিৰত লাখ লাখ অনুৰাগীৰ ভিৰ। যোৱা দুই বছৰৰ পৰা ছবি জগত খনৰ অভিনয়ৰ পৰা আঁতৰি থকা শ্বাহৰুখ খানক শেষ বাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল ২০১৮ চনৰ “জিৰো” খনত।ছবিখনে বক্স অফিচত বৰ বেছি ভাল প্ৰদৰ্শন নকৰাৰ বাবেই অভিনেতাগৰাকীয়ে অকণমান সময় লৈ আকৌ অভিনয়ৰ মাজলৈ অহাৰ কথা ব্যক্ত কৰিছিল। আগন্তুক সময়ত শ্বাহৰুখ খানৰ কেইবাখনো ছবিৰ মুক্তিৰ কথা ইতিমধ্যে জানিব পাৰিছে অনুৰাগীয়ে। আপোনালোকে বাৰু জানেনে যে, চন্দ্ৰত শ্বাহৰুখ খানৰ এগৰাকী অনুৰাগীয়ে প্ৰতিটো বছৰৰ জন্মদিনত শ্বাহৰুখৰ নামেৰে এটুকুৰাকৈ মাটি কিনে। শ্বাহৰুখ খানেও এইগৰাকী অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ সৈতে মেইলৰ যোগেৰে সংযোগ কৰি থাকে।


১৯৬৫ চনত জন্মগ্ৰহণ কৰা শ্বাহৰুখ খানে ৰোমাণ্টিক কাহিনীকে ধৰি একচন থ্ৰীলাৰলৈ প্ৰায় ৭২ খন ছবিত অভিনয় কৰিছে। ২০০৫ চনত ভাৰত চৰকাৰে “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰা শ্বাহৰুখ খানে “দীৱানা” ছবিখনৰ পৰা ছবি ক্ষেত্ৰখনত খোজ দিয়ে। মন কৰিবলগীয়া যে, শ্বাহৰুখ খান অভিনীত প্ৰায় ১১ খন ছবিয়ে ১০০ কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়। ১৯৯৪ চনৰ পৰা ২০১১ লৈ তেওঁক ৮ বাৰকৈ শ্বাহৰুখ খানক ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে।
Add comment