Rupaliparda.com
কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৭ নৱেম্বৰ তাৰিখে কৰা হ'ব "হেংদাং For Sale"- 1

কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৭ নৱেম্বৰ তাৰিখে কৰা হ’ব “হেংদাং For Sale”-

অসমীয়াৰ স্বাভিমানৰ ভিতৰত এক উল্লেখযোগ্য হৈছে আহোমৰ হেংদাং খন। তাহানিৰ দিনত শত্ৰুক পৰাস্ত কৰিবলৈ যেনেদৰে অসমীয়াই যুদ্ধত হেংদাং খন ব্যৱহাৰ কৰিছিল; ঠিক তেনেদৰে বৰ্তমানেও এই হেংদাং খন হৈছে প্ৰতিজন অসমীয়াৰেই গৌৰৱ। আহোমৰ হেংদাং খন সাতটা ধাতুৰে গঢ় দিয়া হয় আৰু ইয়াৰ এটা আঘাতে শত্ৰুক এনেদৰে থকা-সৰকা কৰি পেলায় যে শত্ৰুই পিছলৈ থিয় হ’ব নোৱাৰে। শেহতীয়াকৈ অসমৰ স্বাভিমান লাচিত বৰফুকনৰ এই “হেংদাং” খনকে চোৰ কৰাৰ পৰিকল্পনা কৰিলে দুই চোৰে। এই হেংদাং খন চোৰ কৰাক লৈ কৰা তেওঁলোকৰ পৰিকল্পনাসমূহকে আৰম্ভ কৰি পিছলৈ চোৰ দুটাৰ কি অৱস্থা হ’লে তাৰেই কাহিনীৰ উপস্থাপনেৰে গুৱেৰ্ণিকাৰ ডিজিটেল নাটক “হেংদাং For Sale” ৰ ৰচনা আৰু পৰিচালনা কৰি উলিয়াইছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অসমীয়া জনপ্ৰিয় পৰিচালক হিমাংশু প্ৰসাদ দাসে। পৰিচালক গৰাকীৰ প্ৰতিটো ব্যতিক্ৰমী সৃষ্টিৰ দৰেই এইবাৰো উক্ত নাটকখনৰ যোগেৰে প্ৰতিফলিত কৰা হ’ব সম্প্ৰতি সময়ৰ তথাকথিত সমাজ ব্যৱস্থাৰ নিয়ম-নীতি লগতে জনসাধাৰণৰ আচাৰ-ব্যৱহাৰ। ইতিমধ্যে চচিয়েল মিডিয়াত লাভ কৰা চৰ্চা আৰু জনসাধাৰণৰ পৰা লাভ কৰা সমাদৰে “হেংদাং For Sale” শীৰ্ষক এই নাটকখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৭ নৱেম্বৰ তাৰিখে কৰা হ'ব "হেংদাং For Sale"- 2


এইখিনিতে, নাটকপ্ৰেমী ৰাইজৰ বাবে আন এক সুখবৰ। এই ডিজিটেল নাটকখন অহা ৭ নৱেম্বৰ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ’ব গুৱাহাটী উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত। দুপৰীয়া ২ বজাৰ পৰা আবেলি ৩.৪৫, ৪.৩০ আৰু ৭ বজাত সৰ্বমুঠ চাৰিটা প্ৰদৰ্শনীৰে প্ৰদৰ্শন হ’বলগীয়া এই নাটকখনৰ বাবে অপেক্ষাৰত এতিয়া সমূহ অসমীয়া দৰ্শক। নাটখনৰ কলা নিৰ্দেশনা আৰু সাজ সজ্জাৰ দায়িত্বত আছে প্ৰণামী বৰা। এই ডিজিটেল নাটখনৰ কেমেৰা আৰু সম্পাদনা হাৰ্ডিক কাশ্যপৰ; ইয়াত অভিনয় কৰিছে অপূৰ্ব বৰ্মন, নৱজ্যোতি নাথ, অমূল্য কুমাৰ, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ধীৰাজ মজুমদাৰ, সীমান্ত কাকতি, দিলীপ কুমাৰ দাস, জ্যোতি প্ৰসাদ দাস, নাৰায়ণ বৈশ্য, ৰূপম জ্যোতি দাস, ধৰিত্ৰী দাস, সাগৰিকা দাস, তগৰ দাসৰ লগতে আন বহুতো ন-পূৰণি কলা-কুশলীয়ে।

কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৭ নৱেম্বৰ তাৰিখে কৰা হ'ব "হেংদাং For Sale"- 3


ইতিমধ্যে নাটকখনৰ বাবে প্ৰৱেশ পত্ৰও দি থকা হৈছে। ইয়াৰ উপৰিও যদিহে কোনো লোকে এই নাটক খন তেওঁলোকৰ অঞ্চলত প্ৰদৰ্শন কৰোৱাব বিচাৰে তেনেহ’লে ৭০০২৬-৪৩৩২৮ নম্বৰত ফোন কৰি সৱিশেষ জনাব পাৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform