Rupaliparda.com
"শৰতৰ ৰাতিপুৱা" ত হোৱা দুই প্ৰেমাস্পদৰ মিলনঃ 1

“শৰতৰ ৰাতিপুৱা” ত হোৱা দুই প্ৰেমাস্পদৰ মিলনঃ

শৰৎ ঋতুটোৰ সৈতে প্ৰতিজন ব্যক্তিৰে আৱেগ সন্নিৱিষ্ট হৈ থাকে। শৰতৰ ৰাতিপুৱা অইন ৰাতিপুৱা বোৰতকৈ কিছু ভিন্ন; তল সৰা শেৱালীৰ লগতে নিঁয়ৰৰ সৰু সৰু টোপালত ওলমি থকা মুকুতাবোৰে প্ৰতিজন ব্যক্তিকে আমোদ প্ৰদান কৰে।শৰতৰ এয়াই বিশেষত্ব, এই সময়ছোৱাত ৰ’দখিনিও কোনোবাখিনিত আপোন হৈ পৰে। সন্ধিয়াৰ ফিৰফিৰিয়া বতাহজাকেও যেন কোনোবাখিনিত কঢ়িয়াই আনে আপোনজনৰ খবৰ। মুঠৰ ওপৰত, শৰতৰ সংজ্ঞা কেইটামান সৰু শাৰী অথবা সীমাবদ্ধ শব্দৰ মাজত বাখ্যা কৰি পেলোৱাটো টান হৈ পৰে। শৰতৰ এই কাহিনীবোৰক লৈয়ে ৰচনা কৰা হৈছে একোটা গীত; তাহানি দিনৰ পৰা বৰ্তমানলৈ অসমীয়াত এনে কিছু গীতৰ উপভোগ প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতাই কৰিছে। শেহতীয়াকৈ নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে মুক্তি লাভ কৰিছিল এটি গীত “শৰতৰ ৰাতিপুৱা”; গীতটিয়ে ইতিমধ্যে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোকে। Jollywood Now Music নামে ইউটিউব চেনেলটিত মুক্তি লাভ কৰা পিছতেই গীতটিয়ে সঁহাৰি লাভ কৰিছে দৰ্শক-শ্ৰোতাৰ।


গীতটিত কন্ঠদান কৰিছে মৃত্যুঞ্জয় কাকতিয়ে; আনহাতে ইয়াত সুৰ দিছে সম্প্ৰতি সময়ত সকলোৰে মাজত বহুল হাৰত জনপ্ৰিয় হৈ পৰা নৱপ্ৰজন্মৰ উদীয়মান সান্নিধ্য ভূঞাই। গীতটিত সংগীত ধ্ৰুৱ ঠাকুৰীয়াৰ; গীতটিৰ ভিডিঅ’ত থকা কাহিনীভাগৰ পৰিচালনা বেদান্তৰ আৰু ইয়াত অভিনয় কৰিছে দীপাংকৰ মহন্ত লগতে দেৱাশ্ৰী গগৈয়ে। ভিডিঅ’ দৃশ্যগ্ৰহণ কৰিছে ইকৰাম হকে। ক্ষন্তেকতে ভিউৱাৰচৰ ভিৰ নালগিলেও এওঁলোকৰ দ্বাৰা কৰি থকা ইটোৰ পিছত সিটো সৃষ্টিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ। “শৰতৰ ৰাতিপুৱা” শীৰ্ষক এই গীতটিৰ কথা তলত দি দিয়া হৈছেঃ

"শৰতৰ ৰাতিপুৱা" ত হোৱা দুই প্ৰেমাস্পদৰ মিলনঃ 2

“শৰতৰ ৰাতিপুৱা অনুভৱী

এটি পুৱা এই ধৰা দুবৰি শুৱনি

আজি নিয়ৰসনা হৃদয়ৰে এটি মিঠা কল্পনা

শৰতৰে ৰাতিপুৱা যেন লগা প্ৰণয়ৰে ৰং সানি

ক’তেনো আছা তুমি জোনাকীৰ সৈতেই বিলীন হোৱা

সপোনৰ পম খেদি লিখা সেই কাহিনী

তোমাৰ বাবেই যে ৰহন সনা

তোমাৰ বাবেই যে ৰহন সনা

জীৱনৰে তমসা,কাহিনী বিষাদভৰা মচি মচি যাম,

নতুন সজাম এটি এটি ভাৱনা,কি মধুৰ বাসনা!

তোমাৰেই গান,হাঁহিৰে জীপাল হেঁপাহৰে আখৰা,

কাহিনী আশাভৰা ৰচি ৰচি যাম,

হৃদয় জুৰাম নিয়ৰৰে দলিচা ৰ’দালি চমকসনা পৰাণৰে গান,

বাঁহীৰে জীপাল প্ৰণয়ৰে ৰং সানি ক’তেনো আছা তুমি

জোনাকীৰে সৈতেই বিলীন হোৱা সপোনৰ পম খেদি

লিখা সেই কাহিনী তোমাৰ বাবেই যে ৰহনসনা তোমাৰ বাবেই যে ৰহনসনা

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform