Rupaliparda.com
"ছবি এখন নিৰ্মাণ কৰাটো নিশ্চয় সহজ কথা নহয়"- অৰিন্দম বৰুৱা 1

“ছবি এখন নিৰ্মাণ কৰাটো নিশ্চয় সহজ কথা নহয়”- অৰিন্দম বৰুৱা

“লক-ডাউন” ৰ সময়ছোৱাত আমি বহু চুটি ছবিৰ উপভোগ কৰিছো। আপোনালোকৰ নিশ্চয় “Peace Of Meat” শীৰ্ষক চুটি ছবিখনৰ কথা মনত আছে! কম সময়ৰ ভিতৰতে এটা হৃদয়স্পৰ্শী কাহিনীক উপস্থাপন কৰা ক্ষেত্ৰত এই চুটি ছবিখনে সুন্দৰ উদাহৰণ দাঙি ধৰিছিল। শেহতীয়াকৈ পৰিচালনাৰ দিশটোত নৱপ্ৰজন্মৰ ইচ্ছা তথা আকৰ্ষণৰ সমান্তৰালকৈ তেওঁলোকৰ সৃষ্টিত দেখিবলৈ পোৱা নতুনত্বই সম্প্ৰতি সময়ত বাৰুকৈয়ে আমোদ প্ৰদান কৰিছে দৰ্শকক। শেহতীয়াকৈ “প্ৰত্যুষ” শীৰ্ষক চুটি ছবিখনৰ কাহিনীভাগেও ধ্যান টানিবলৈ সক্ষম হৈছিল দৰ্শকৰ। উক্ত দুই চুটি ছবিৰ আঁৰত থকা নৱপ্ৰজন্মৰ পৰিচালকগৰাকীৰ নাম হৈছে অৰিন্দম বৰুৱা। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁৰ পৰিচালনাৰ দিশটোত কেতিয়াৰ পৰা আগ্ৰহ জন্মিছিল বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “সৰুৰে পৰাই মোৰ চিনেমাৰ প্ৰতি খুউব বেছি আকৰ্ষণ আছিল; কিন্তু তেতিয়া ছবি জগত খনত কাম কৰাৰ কথা ভবা নাছিলো । তেতিয়া মাত্ৰ ছবিবোৰ চাইহে ভাল পাইছিলোঁ; কিন্তু লাহে লাহে যেতিয়া “Quality movie” চাবলৈ ল’লোঁ তেতিয়াহে ছবি নিৰ্মাণৰ কথা মনলৈ আহিল।আৰু, এনেদৰেই পিছলৈ ছবিৰ প্ৰতি থকা আকৰ্ষণেই মোৰ ছবি নিৰ্মাণৰ নিচাত পৰিণত হ’ল।”


তেওঁ আগলৈ কয় যে,”মোৰ প্ৰথম চুটি ছবি হৈছে “এটি নতুন প্ৰভাত”; সেইখন নিৰ্মাণ কৰি উলিয়াইছিলো ২০১৫ চনত। গতিকে ২০১৫ চনৰ পৰাই মই ছবি পৰিচালনাৰ সৈতে জড়িত হৈ আছোঁ বুলি ক’ব পাৰি।” এখন ছবি নিৰ্মাণ প্ৰক্ৰিয়া কিমান সহজ অথবা ইয়াত কেনে সংগ্ৰাম জড়িত হৈ থাকে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ” হয়, ছবি এখন নিৰ্মাণ কৰাটো নিশ্চয় সহজ কথা নহয়। ইয়াৰ বাবে সুক্ষ্ম অন্তৰ্দৃষ্টিৰ লগতে দৃশ্য একোটা ” visualise” কৰিব পাৰিব লাগিব । লগতে, মানুহ আৰু সমাজে কেনেদৰে চিন্তা কৰে তথা একোখন ছবি নিৰ্মাণত প্ৰকৃতিৰ অধ্যয়নো প্ৰয়োজন হয়। সমান্তৰালকৈ, কাৰিকৰী দিশৰ কথাতো আছেই । গতিকে, ছবি এখন নিৰ্মাণ কৰাটো নিশ্চয় সহজ কথা নহয়; কিন্তু উদ্দেশ্য স্থিৰ কৰি প্ৰয়োজনীয় দিশত কষ্ট কৰিলে, অধ্যয়ন কৰিলে সেয়া সহজ কৰি তুলিব পাৰি বুলি মই ভাবো।”

"ছবি এখন নিৰ্মাণ কৰাটো নিশ্চয় সহজ কথা নহয়"- অৰিন্দম বৰুৱা 2


ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মই ইতিমধ্যে এখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাৰ কাম কৰি আছোঁ; প্ৰাৰম্ভিক কামখিনি অৰ্থাৎ কাহিনী নিৰ্বাচন, চিত্ৰনাট্য ৰচনা আদিৰ কাম চলি আছে। লগতে, এইবছৰৰ শেষৰ পৰাই মই ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ । গতিকে এয়াই হৈছে মোৰ আগন্তুক প্ৰকল্প ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform