Rupaliparda.com
Cultivators সংগীত গোষ্ঠীৰ ড° ভূপেন হাজৰিকালৈ জ্ঞাপন শ্ৰদ্ধাঞ্জলিঃ 1

Cultivators সংগীত গোষ্ঠীৰ ড° ভূপেন হাজৰিকালৈ জ্ঞাপন শ্ৰদ্ধাঞ্জলিঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত বহু নতুনৰ সৃষ্টি আমি দেখিছো; কিন্তু এই নতুনে কৰা নতুন সৃষ্টি সমূহত সদায় প্ৰেৰণা হৈ উজ্বলি আছে বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকা। একতা আৰু সমন্বয়ৰ বাৰ্তা কঢ়িওৱা এই গৰাকী শিল্পীক সুঁৱৰি Cultivators গোষ্ঠীয়ে নিৰ্মাণ কৰিছে “অগ্নিযুগৰ ফিৰিঙতি” শীৰ্ষক গীতটিৰ নতুন সংস্কৰণ। ড° ভূপেন হাজৰিকাৰ কন্ঠৰে নিৰ্মিত এই গীতটিৰ নতুন সংস্কৰটোক বৰ্তমান পচন্দও কৰিছে আচলতে প্ৰতিগৰাকী সংগীত প্ৰেমী শ্ৰোতাই। উক্ত সংগীত গোষ্ঠীটোৰ ব্যতিক্ৰমীতাই হৈছে তেওঁলোকৰ গোটটোৰ বৈশিষ্ট্য। গতিকে, শেহতীয়াকৈ তেওঁলোকৰ দ্বাৰা মুক্তিপ্ৰাপ্ত এই গীতটিয়ে চৰ্চা লাভ কৰিছে সচেতন মহলত। ড° ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যাৰ স্থান সহজে পূৰণ কৰাটো সাধাৰণ শিল্পী সাহিত্যিকৰ কল্পনাৰ অতীত। ড° ভূপেন হাজৰিকা বৰ্তমান আমাৰ মাজত নাই যদিও অসমীয়া মানুহৰ হৃদয়, মন, সত্তাত আৰু জাতীয় ইতিহাসত চিৰদিন প্ৰবাহিত হৈ থাকিব। তেওঁৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো বস্তুত যেতিয়া বৰ্তমানৰ প্ৰজন্মই নিজৰ প্ৰতিভা অংকুৰিত কৰে তেতিয়া তাতোকৈ অধিক ভাল লগা বিষয় আৰু একোৱে হ’ব নোৱাৰে।


সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ নতুন সংস্কৰণটোত কন্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই লগতে ইয়াত সংগীত ব্যৱস্থাপনা কৰিছে অৰ্ণৱ বশিষ্ঠ আৰু ইশানুয়ে। গীতাৰ আৰু শব্দ সংমিশ্ৰণ ইশানুৰ লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা চিন্ময় দত্তৰ। দৃশ্যগ্ৰহণ চিৰঞ্জিৎ ৰামচিয়াৰী আৰু চিন্ময় কলিতাৰ। আনহাতে, সম্পাদনা আৰু কলা নিৰ্দেশনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ। ড° ভূপেন হাজৰিকাৰ নৱতম মৃত্যুবাৰ্ষিকীত বিশ্ববিশ্ৰুত এইগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মানসেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই গীতটি। “সংগ নহ’লে সংগীত নহয়” শীৰ্ষক এটি সুন্দৰ সংজ্ঞাৰে আগবঢ়া Cultivators সংগীত গোষ্ঠীটোৰ প্ৰতিটো গীতেই জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়।

Cultivators সংগীত গোষ্ঠীৰ ড° ভূপেন হাজৰিকালৈ জ্ঞাপন শ্ৰদ্ধাঞ্জলিঃ 2


আনহাতে, থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.