Rupaliparda.com
"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 1

“হিয়া দিয়া নিয়া” ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ

মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল। ২০০০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনে চলিত বৰ্ষটোতে সম্পূৰ্ণ কৰিলে নিজ ২০ টা বৰ্ষ। “হিয়া দিয়া নিয়া” ছবিখনৰ বিভিন্ন দৃশ্যাংশক নিজ ইনষ্টাগ্ৰাম যোগে আপলোড কৰি অভিনত্ৰী গীতাৱলীয়ে সুঁৱৰিছে অতীতক। ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা।

"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 2
"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 3


“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। উক্ত ছবিখনত সংযোজিত প্ৰায় প্ৰত্যেকটা গীত বৰ্তমানেও জনপ্ৰিয়। উল্লেখ্য যে, অভিনেতা ৰবি শৰ্মাৰ এইখনেই হৈছে প্ৰথমখন ছবি। মুনীন বৰুৱাৰ সফল ছবি ৰূপে পৰিগণিত উক্ত ছবিখনে এতিয়ালৈ বহুল হাৰত দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ছবিৰ ধাৰাক আৰু অধিক মজবুত কৰি তোলাত সফল হৈছিল “হিয়া দিয়া নিয়া”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.