Rupaliparda.com
আকৌ এবাৰ ডাঙৰ পৰ্দালৈ "বাহুবলী"- 1

আকৌ এবাৰ ডাঙৰ পৰ্দালৈ “বাহুবলী”-

যিসকল লোকে “বাহুবলী” চিৰিজৰ দুইখন ছবি ডাঙৰ পৰ্দাত উপভোগৰ সুবিধা লাভ কৰা নাছিলে; সেইসকল লোকৰ বাবে এক সুখবৰ। দেশত সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন ব্যক্তিৰ মুখে মুখে চৰ্চিত ছবি “বাহুবলী” চিৰিজৰ দুইখন ছবিকেই মুক্তি দিয়া হ’ব পুনৰ বাৰ ছবিগৃহত। ৰাজামৌলীৰ দ্বাৰা পৰিচালিত তথা প্ৰভাস অভিনীত উক্ত দুই ছবিয়ে পুনৰ বাৰ যে জনসাধাৰণক ছবিগৃহলৈ টানিব সক্ষম হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। বিগত ৭ মাহৰ ধৰি ছবিগৃহ সমূহ বন্ধ হৈ আছে ফলত ছবিগৃহ সমূহ খোলাৰ পিছত কিছু পূৰণি ছবিক ছবিগৃহত পুনৰ বাৰ মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। ছবিগৃহসমূহ বন্ধ হৈ থকাৰ বাবে যোৱা কেইটামাহত মুক্তিপাবলগীয়া ছবিসমূহে নিজ বিকল্প পথৰূপে ডিজিটেল প্লেটফৰ্মক বাচি লৈছিল। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ বৰ্তমানেও ৰোধ কৰিব পৰা হোৱা নাই; কিন্তু পৰিস্থিতি কিছু সাধাৰণ হোৱাৰ ফলত যোৱা ১৫ অক্টোবৰৰ পৰা ছবিগৃহসমূহ ৫০ শতাংশ দৰ্শকেৰে খোলাৰ অনুমতি দিয়া হৈছিল। ফলত, আকৌ এবাৰ চিনেমা প্ৰেমী দৰ্শকক ছবিগৃহলৈ লৈ অনাৰ এক সুন্দৰ প্ৰয়াস অব্যাহত ৰাখিছে পৰিচালক গোষ্ঠীয়ে।

আকৌ এবাৰ ডাঙৰ পৰ্দালৈ "বাহুবলী"- 2


“বাহুবলী” চিৰিজ দুই হিন্দী সংস্কৰণৰ প্ৰযোজনা কৰিছিল প্ৰযোজক তথা পৰিচালক কৰণ জহৰে। শেহতীয়াকৈ তেওঁয়ে এক টুইট যোগে জনসাধাৰণক এই খবৰ দিয়ে। আজি “বাহুবলী” ৰ প্ৰথমটো সংস্কৰণ আৰু অহা শুক্ৰবাৰে অৰ্থাৎ ১৩ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বিতীয় সংস্কৰণক মুকলি কৰি দিয়া হ’ব। কোটিটকীয়া বাজেট তথা কোটি টকাৰ ওপৰত বস্ক অফিচ কালেকচন সংগ্ৰহ কৰা এই ছবিখন দুখনৰ দ্বিতীয়টো সংস্কৰণক প্ৰদান কৰা হৈছিল তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform