“শিল্পী” শব্দটোৱে নামৰ সৈতে লগ হোৱা পিছতেই ই লাভ কৰে এক সুকীয়া বৈশিষ্ট্য। এখন শুদ্ধ আৰু নিকা সমাজ গঢ়াৰ স্বাৰ্থত ড° ভূপেন হাজৰিকাই গীত গাইছিল: ৰচিছিল সেইবোৰ গীত য’ত নাছিল কোনো ধৰণৰ শোষণকাৰীৰ পৰ্যালোচনা লগতে নাছিল কোনো জাতিভেদ। শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে সাম্যবাদী সমাজ গঢ়াৰ আস্থা হৈছে শিল্পীগৰাকীৰ প্ৰগতিবাদী চিন্তা-চেতনাৰ এটি বিশেষ দিশ। অসম ৰত্ন,সংগীত সূৰ্য্য আদি অনেক বিভূষণেৰে সন্মানিত,অসম সাহিত্য সভাৰ সভাপতি, ভাৰতীয় চলচিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা বিজয়ী, বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহৰ বিভিন্ন ঠাইত গণসংযোগৰ দৃষ্টিভংগীৰ মূৰ্ত প্ৰকাশ ঘটিছে। এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীয়ে সংগীতক গণসংযোগৰ মাধ্যম ৰূপে আৰু সমাজ পৰিৱৰ্তনৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছিল। অসমীয়া জীৱনৰ এনে এটা বিষয়,এনে এটা ঘটনা অথচ এনে আনন্দ প্ৰকাশৰ আলোচিতব্য বিষয় নাই যিটো বিষয়ক লৈ ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা নাই। সম্প্ৰতি সময়ত অনলাইন ব্যৱস্থাই আপোনজনক আপোনজনৰ নিচেই কাষতেই ৰাখি থোৱাৰ প্ৰয়াস কৰিছে। ক’ৰোণা সন্ত্ৰাসৰ ফলত বিভিন্ন জনে বৰ্তমানেও বিজ্ঞানৰ সহায় লৈ আগবঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ নৱতম ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত বিভিন্নটা দলৰ সমান্তৰালকৈ অসমৰ পতঞ্জলি যোগ সমিতিয়েও ভূপেন হাজৰিকাৰ সোঁৱৰণত অনুষ্ঠিত কৰিছিল সামাজিক মাধ্যমত এক অনুষ্ঠানৰ।



গুগল মিটৰ জৰিয়তে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটোৰ আঁত ধৰিছিল পতঞ্জলি যোগ সমিতিৰ সভাপতি তথা সংগীতপ্ৰেমী বিকাশ গোস্বামীয়ে। পতঞ্জলি যোগ সমিতিৰ ফালৰ সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এয়া আছিল ৮১ তম সন্ধিয়াৰ বিশেষ অনুষ্ঠান। নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপিনী বৰাৰ কন্ঠৰ এটি ভূপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰা পিছতে অনলাইনতেই আন কেইবাগৰাকীও কন্ঠশিল্পী ক্ৰমে নিৰল ঠাকুৰীয়াই, নৱজানী ডেকা, ৰাগিনী শৰ্মা, তন্ময়ী ভূঞাই একোটাকৈ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে। আনহাতে, অনলাইন অনুষ্ঠানটোতেই নৃত্য পৰিৱেশন কৰে ইপ্সিতা ৰায়ে আৰু যোগ কৰে শচীন ভূঞাই। উল্লেখ্য যে, শ্ৰী লংকা, কানাডা, উত্তৰাখণ্ড, কলকাতা, মহাৰাষ্ট্ৰ, ৰাজস্থানৰ লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰায় ১০০ গৰাকীকৈ প্ৰতিনিধিয়ে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।
Add comment