Rupaliparda.com
কিয় কৰা হৈছে হিমাংশু প্ৰসাদ দাসৰ বাক-স্বাধীনতা ৰোধ?? কিয় ২ দিন পূৰ্বে ৰবীন্দ্ৰ ভৱনত কৰা হ'ল "হেংদাং For Sale" বাতিল?- 1

কিয় কৰা হৈছে হিমাংশু প্ৰসাদ দাসৰ বাক-স্বাধীনতা ৰোধ?? কিয় ২ দিন পূৰ্বে ৰবীন্দ্ৰ ভৱনত কৰা হ’ল “হেংদাং For Sale” বাতিল?-

আপোনালোকে নিশ্চয় ইতিমধ্যে জানিবলৈ পাইছে যে ৭ তাৰিখে ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শন হ’বলগীয়া গুৱেৰ্ণিকাৰ ডিজিটেল নাটক “হেংদাং For Sale” ৰ প্ৰদৰ্শন কুমাৰ ভাস্কৰ নাট্য মন্দিৰলৈ স্থানান্তৰ কৰা হৈছে। ৰবীন্দ্ৰ ভৱনৰ বিষয়াববীয়া সকলৰ ফালৰ পৰা পাণ্ডুলিপি বিচৰাৰ প্ৰায় ২৪ ঘন্টা পিছত তেওঁলোকৰ ফালৰ পৰা নাটক অনুষ্ঠিত কৰিব নোৱাৰিব বুলি জনোৱা হয় নাটক খনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসক। এই বিষয়টো লৈ বৰ্তমান সাংস্কৃতিক ক্ষেত্ৰখনত চলিছে বহুল চৰ্চাৰ। চৰকাৰী কোনো কাৰ্যসূচী থকাৰ বাবেই ৰবীন্দ্ৰ ভৱনত নাট প্ৰদৰ্শন বাতিল কৰা হৈছে বুলি জনোৱা হৈছিল যদিও ৰবীন্দ্ৰ ভৱনৰ ফালৰ পৰা বেলেগ তাৰিখ দিবলৈও অমান্য হৈছিল ভৱনটোৰ কৰ্মকৰ্তা সকল। নাটখনত সাম্প্ৰতিক সময়ৰ বিভিন্ন কথাক ব্যংগাত্মক ধৰণে উপস্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছিল। বিগত ৭-৮ মাহৰ স্তব্ধতাৰ পিছত একাংশ সাংস্কৃতিক কৰ্মীয়ে অকণমান সাহসেৰে কৰা প্ৰচেষ্টাত আকৌ এবাৰ বিৰাম লগাব খোজা কথাটো যেন হজম কৰিব পৰা নাই এতিয়া অসমীয়া কেইবাগৰাকীও শিল্পীয়ে। এই বিষয়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী অসমীয়া অভিনেতা বাহাৰুল ইচলামেও প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছিল। চৰকাৰৰ কাৰু-কাৰ্য্য দেখি লাজ লগাৰ কথাও ব্যক্ত কৰে অভিনেতা গৰাকীয়ে।

কিয় কৰা হৈছে হিমাংশু প্ৰসাদ দাসৰ বাক-স্বাধীনতা ৰোধ?? কিয় ২ দিন পূৰ্বে ৰবীন্দ্ৰ ভৱনত কৰা হ'ল "হেংদাং For Sale" বাতিল?- 2


চচিয়েল মিডিয়াত ব্যাপক চৰ্চা চলা এই নাটখনৰ বেনাৰ, পোষ্টাৰ লগতে প্ৰৱেশ পত্ৰত ৰবীন্দ্ৰ ভৱনৰ নাম দি দৰ্শকক নিমন্ত্ৰণ জনোৱা পিছতেই প্ৰদৰ্শনৰ দুদিন পূৰ্বে নাটক খন অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ কি অন্তনিৰ্হিত কাৰণ থাকিব পাৰে সেয়া ইতিমধ্যে বিতং ৰূপত কাকো জানিবলৈ দিয়া হোৱা নাই যদিও হিমাংশু প্ৰসাদ দাসক ৰবীন্দ্ৰ ভৱনৰ সঞ্চালকৰ পৰা প্ৰশ্ন কৰা হৈছিল যে উক্ত নাটখনত চৰকাৰ বিৰোধী কোনো বিষয় সন্নিৱিষ্ট হৈ আছে নেকি! এই সমষ্ট ঘটনাত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰতিজন সজাগ আৰু মনোৰঞ্জন প্ৰেমী জনসাধাৰণে। চৰকাৰৰ ফালৰ পৰা হিমাংশু প্ৰসাদ দাসৰ বাক-স্বাধীনতা ৰোধ কৰা হৈছে বুলিও একাংশই মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে, অহা ৭ তাৰিখে উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দুপৰীয়া ২ বজাৰ পৰা আবেলি ৩.৪৫, ৪.৩০ আৰু ৭ বজাত সৰ্বমুঠ চাৰিটা প্ৰদৰ্শনীৰে প্ৰদৰ্শন কৰা হ’ব “হেংদাং For Sale”।

কিয় কৰা হৈছে হিমাংশু প্ৰসাদ দাসৰ বাক-স্বাধীনতা ৰোধ?? কিয় ২ দিন পূৰ্বে ৰবীন্দ্ৰ ভৱনত কৰা হ'ল "হেংদাং For Sale" বাতিল?- 3


নাটখনৰ কলা নিৰ্দেশনা আৰু সাজ সজ্জাৰ দায়িত্বত আছে প্ৰণামী বৰা। এই ডিজিটেল নাটখনৰ কেমেৰা আৰু সম্পাদনা হাৰ্ডিক কাশ্যপৰ; ইয়াত অভিনয় কৰিছে অপূৰ্ব বৰ্মন, নৱজ্যোতি নাথ, অমূল্য কুমাৰ, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ধীৰাজ মজুমদাৰ, সীমান্ত কাকতি, দিলীপ কুমাৰ দাস, জ্যোতি প্ৰসাদ দাস, নাৰায়ণ বৈশ্য, ৰূপম জ্যোতি দাস, ধৰিত্ৰী দাস, সাগৰিকা দাস, তগৰ দাসৰ লগতে আন বহুতো ন-পূৰণি কলা-কুশলীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform