Rupaliparda.com
"ইয়াত বাৰে বাৰে এটা প্ৰশ্ন আছিল যে মই ভাল মানুহ নে বেয়া মানুহ!"- বলোৰাম দাস 1

“ইয়াত বাৰে বাৰে এটা প্ৰশ্ন আছিল যে মই ভাল মানুহ নে বেয়া মানুহ!”- বলোৰাম দাস

এগৰাকী অসমীয়া পৰিচালকে যেতিয়া এখন হিন্দী ছবিৰ নিৰ্মাণ কৰে আৰু সেই ছবিখনতেই যেতিয়া অসমীয়া দক্ষ অভিনেতা-অভিনেত্ৰীক চৰিত্ৰ সমূহ দিয়ে; সেই সময়ত একোজন অসমীয়া দৰ্শকৰ বাবে ইয়াতকৈ অধিক ভাল লগা অথবা গৌৰৱৰ কথা একোৱে হ’ব নোৱাৰে। শেহতীয়াকৈ এখন হিন্দী ছবি “পেপাৰ চিকেন (Papper Chicken)” ৰ মুক্তিক লৈ চলিছে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুল চৰ্চা। ছবিখনৰ নামটোৰ লগতেই ইয়াত থকা অভিনেতা-অভিনেত্ৰী তথা সদ্যমুক্তিপ্ৰাপ্ত ছবি খনৰ ট্ৰেইলাৰেও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শকক। পোন প্ৰথমবাৰৰ বাবে এখন হিন্দী ছবিত মূখ্য চৰিত্ৰত অভিনীত বলোৰাম দাসৰ লগতে ছবিখনৰ আন এক মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে দীপান্বিতা শৰ্মাই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনাকী তথা জনপ্ৰিয় নাম সমূহৰ ভিতৰত এটা হৈছে অসম জীয়ৰী দীপান্বিতাৰ। ইতিমধ্যে কেইবাখনো বলীউড ছবি ক্ৰমে “দিল ৱিল প্যাৰ ৱ্যাৰ”, “লেডিছ ৱাৰ্চেচ ৰিকি বেহেল”, “অসম্ভৱ” লগতে “ৱাৰ” ৰ দৰে উল্লেখনীয় ছবিতো দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী গৰাকীক। আনহাতে, “পেপাৰ চিকেন” ৰ আন চৰিত্ৰসমূহত আছে ক্ৰমে বাহাৰুল ইছলাম, মনোজ বৰকটকী, ৰবি শৰ্মা আৰু পদ্মৰাগ গোস্বামী। খুব সম্ভৱ Pepper Chicken” হৈছে সম্পূৰ্ণ অসমীয়া কলা-কুশলীৰ দলে অসমতে নিৰ্মাণ কৰি উলিওৱা প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ হিন্দী চিনেমা, যিখন ৰাষ্ট্ৰীয় স্তৰত মুক্তি পাবলৈ গৈ আছে। অসমীয়া ছবি “মাৰ্কশ্বীট” ৰ পৰিচালক ৰতনশীল শৰ্মাৰ দ্বাৰা নিৰ্মিত এই প্ৰথম হিন্দী ছবিখন অহা কাইলৈ অৰ্থাৎ ৬ নৱেম্বৰ তাৰিখে ডিজিটেল প্লেটফৰ্ম “Shermaroo” ত লাভ কৰিব মুক্তি। “অন্তৰীণ” ছবিখনত বলোৰাম দাসৰ অভিনয়ৰ দ্বাৰা আপ্লুত হৈ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ সৈতে এখন ছবি নিৰ্মাণৰ মন মেলা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালক ৰতন শীল শৰ্মাৰ এই ছবিখন হৈছে এখন চাচপেন্স থ্ৰীলাৰ। ছবিখনৰ বহুল প্ৰচাৰৰ লগতে ইয়াৰ মুক্তিৰ বাবে বৰ্তমান অপেক্ষাৰত প্ৰতিজন দৰ্শক।


ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়িত বলোৰাম দাসৰ পৰা তেওঁৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ছবিখন যিহেতু চাচপেন্স থ্ৰীলাৰ, সেয়ে মই মোৰ চৰিত্ৰটোৰ বিষয়ে বিশেষ একো ক’ব নোৱাৰিম। চিনেমাখনত মই দশমেষ নামৰ এজন ড্ৰাইভাৰৰ চৰিত্ৰ ৰূপায়ন কৰিছোঁ। বৈদেহী(দ্বীপান্বিতা শৰ্মাৰ চৰিত্ৰটো)য়ে এদিন তেওঁৰ গাড়ীখন ভাড়াত লয়, আৰু তাৰ পৰাই তেওঁলোকৰ যাত্ৰা আৰম্ভ হয়। সেই যাত্ৰাৰ ওপৰত কেন্দ্ৰ কৰিয়েই চিনেমাখনৰ কাহিনীভাগে গতি কৰে। নিশাটোৰ ভিতৰত ঘটা ঘটনাৱলীবোৰৰ ওপৰতেই মূলতঃ চিনেমাখনৰ কাহিনীটো সজোৱা হৈছে।” পোন প্ৰথমবাৰৰ বাবে “দশমেষ” ৰ দৰে এনে চৰিত্ৰ ৰূপায়নত তেওঁ কেনে সমস্যাৰ সন্মুখীন হৈছিল বুলি প্ৰশ্ন কৰাত অভিনেতা গৰাকীয়ে কয় যে, “এই চৰিটো এইবাবেই মোৰ বাবে ব্যতিক্ৰম আছিল কাৰণ চৰিত্ৰটো মোৰ পৰা বহু দূৰত। মই মানুহজন, এতিয়ালৈ মই যি আদৰ্শত জীৱন-যাপন কৰিছো তাতকৈ বহু পৰিমাণে ভিন্ন মোৰ এই ছবিখনৰ চৰিত্ৰটো। দ্বিতীয়তে, বেলেগৰ চিন্তা-ভাৱনাৰ ওপৰত কেন্দ্ৰ কৰি মোৰ এই চৰিত্ৰটো উলিয়াই অনা হৈছে গতিকে সাংঘাতিক চেলেঞ্জিং আছিল দশমেশৰ চৰিত্ৰটো। মনস্তাত্বিক কিছু খেল-মেলিৰে চৰিত্ৰটো আছিল বাবে মোৰ পৰা ই দূৰৈত আছিল। কিন্তু, এক কথাত ক’বলৈ গ’লে মই চৰিত্ৰটো ৰূপায়ন কৰি ভালো পাইছিলো কাৰণ ইয়াত বাৰে বাৰে এটা প্ৰশ্ন আছিল যে মই ভাল মানুহ নে বেয়া মানুহ!”

"ইয়াত বাৰে বাৰে এটা প্ৰশ্ন আছিল যে মই ভাল মানুহ নে বেয়া মানুহ!"- বলোৰাম দাস 2
"ইয়াত বাৰে বাৰে এটা প্ৰশ্ন আছিল যে মই ভাল মানুহ নে বেয়া মানুহ!"- বলোৰাম দাস 3


উল্লেখ্য যে, অসমীয়া কলা-কুশলীৰে পৰিপূৰ্ণ এই ছবিখনৰ গীতত কথা ৰাজদ্বীপৰ আৰু ইয়াত কন্ঠদানো কৰিছে অসমীয়া কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। ছবিখনৰ প্ৰযোজনা কে ঝামানৰ লগতে সহঃ প্ৰযোজনা সৌগত ভট্টাচাৰ্য্য আৰু দীপান্বিতা শৰ্মাৰ। ছবিখনৰ কাহিনী ৰতনশীল শৰ্মাৰ আৰু চিত্ৰনাট্য ধনজিৎ দাস, ৰতনশীল শৰ্মাৰ লগতে শতীশ য়াদৱৰ। চিত্ৰগ্ৰহণ পাপু ডেকাৰ। ছবিখনৰ একচন পৰিচালনা কেনী বসুমতাৰী আৰু মন্টু দেউৰীৰ। হিন্দী ভাষাত নিৰ্মিত এই ছবিখন উপভোগ কৰিবলৈ দৰ্শকে বুকিং কৰিব পাৰিব Book My Show এপটোৰ জৰিয়তেও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform