নৱতম মৃত্যু বাষিৰ্কীত আজি ড° ভূপেন হাজৰিকালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিজন অসমীয়া জনসাধাৰণে। নিজ সৃষ্টিৰে প্ৰতিগৰাকী জনতাৰ জীৱনত তেওঁ সঞ্জীৱনী আছে। তেওঁৰ গীতসমূহৰ বাবেই সমাজত জনমূখী চিন্তা আছে। সাগৰ সংগম সাঁতুৰি-নাদুৰি ক্লান্ত নোহোৱা সৰ্বকালৰ শ্ৰেষ্ঠ ড° ভূপেন হাজৰিকা দেৱে কলা-সংস্কৃতিৰ মাজেৰে এখন সংগীতৰ সমাজ গঢ়িছিল। বৰ্তমান সময়ৰ প্ৰতিজন উঠি অহা কন্ঠশিল্পীয়ে ড° ভূপেন হাজৰিকাৰ সৃষ্টি সমূহক লৈয়ে আগবঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকৰ এই সংগীতময় যাত্ৰাটোত তেওঁলোকৰ বাবে প্ৰেৰণাৰ উৎসই হৈছে ড° ভূপেন হাজৰিকা। অসম ৰত্ন, সংগীত সূৰ্য্য আদি ভিন্ন বিভূষণেৰে সন্মানিত, অসম সাহিত্য সভাৰ সভাপতি, ভাৰতীয় চলচিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা বিজয়ী বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ এই মৃত্যুতিথিত তেওঁলৈ অসমৰ প্ৰতিজন শিল্পী, কলা-কুশলীয়ে যাঁচিছে শ্ৰদ্ধাঞ্জলি।

ড° ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যাৰ স্থান সহজে পূৰণ কৰাটো সাধাৰণ শিল্পী সাহিত্যিকৰ কল্পনাৰ অতীত। ড° ভূপেন হাজৰিকা বৰ্তমান আমাৰ মাজত নাই যদিও অসমীয়া মানুহৰ হৃদয়, মন, সত্তাত আৰু জাতীয় ইতিহাসত চিৰদিন প্ৰবাহিত হৈ থাকিব। চচিয়েল মিডিয়াত একোজন শিল্পীয়ে তেওঁলৈ যঁচা শ্ৰদ্ধাঞ্জলিৰ পোষ্ট সমূহ চাওঁচোন আহকঃ



Add comment