“লক-ডাউন” য়ে সম্পৰ্ক সমূহত প্ৰভাৱ পেলাইছে; ধনাত্মক প্ৰভাৱৰ ক্ষেত্ৰত আমি ইয়াৰ বিভিন্ন উদাহৰণ ইতিমধ্যে সম্পৰ্ক সমূহত দেখিছো। এই ক’ৰোণা ভাইৰাছৰ কালতেই শেহতীয়াকৈ বিবাহ পাশত আবদ্ধ হৈছে অভিনেত্ৰী কাজল আগৰৱাল। গৌতম কিচলুৰ সৈতে যোৱা ৩০ অক্টোবৰ ৰাৰিখে মুম্বাইৰ তাজ মহল পেলেচত বিবাহত বহে অভিনেত্ৰী কাজল। চচিয়েল মিডিয়াত তেওঁলোকৰ বিবাহৰ ফটো ভাইৰেল হোৱাৰ লগতে কাজলক তেওঁৰ বহু অনুৰাগীয়ে প্ৰশ্নও কৰিছিল যে কিয় তেওঁ এই ক’ৰোণা কালতে তৎক্ষণাত বিবাহ পাশত আৱদ্ধ হ’ল? অভিনেত্ৰী গৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দি এক সাক্ষাৎকাৰ যোগে কয় যে, “গৌতম আৰু মই তিনি বছৰলৈ প্ৰেমৰ সম্পৰ্কত আছিলো। আৰু, ৭ বছৰ ধৰি আমি বন্ধুত্বৰ সম্পৰ্কত আছিলো। লাহে লাহে আমাৰ বন্ধুত্ব গভীৰ হৈ পৰিছিল আৰু আমাৰ জীৱনৰ আমি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছিলো। আমি বহু লগ কৰো সেয়া লাগিলে কোনো পাৰ্টীয়েইহওঁক অথবা কোনো মিটিঙয়েই হওঁক; আমি লগ পাইছিলোৱে। কিন্তু, লক-ডাউনত আমি দুয়োটাই লগ নোপোৱা হৈ পৰিছিলো, কেতিয়াবাটো আমি মাস্ক লগাই দোকানত লগ কৰিবলগীয়া হৈছিল। আৰু, তেতিয়াই আমি অনুভৱ কৰিছিলো যে গৌতম আৰু মই এৰি থাকিব নোৱাৰো।”
আগলৈ অভিনেত্ৰী গৰাকীয়ে কয় যে, “ভগৱানৰ কৃপাত গৌতম বৰ বেছি চিনেমালেখীয়া নহয়। ফলত, গৌতমে হাই-হূলস্থূল নকৰাকৈয়ে মোক বিবাহৰ প্ৰস্তাৱ দিছিল। তেওঁৰ অনুভৱত বহুত সঁচাৰ অনুভৱ কৰিছিলো; মোক তেওঁ আগন্তুক সময়ছোৱাত তেওঁৰ সৈতে কটাবলৈ কৈছিলে গতিকে মইও সেইটো সময়তে মান্তি হৈ পৰিছিলো। ইয়াৰ পিছতে, দুই মাহৰ ভিতৰত আমাৰ দুয়োৰে পিতৃ-মাতৃ লগ কৰিছিলে আৰু বিবাহৰ তাৰিখ কৰি পেলাইছিল।”
Add comment