Rupaliparda.com
নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ 1

নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ

চচিয়েল মিডিয়াত সক্ৰিয় অংকিতা লোখণ্ডেই তেওঁৰ প্ৰেম বিকি জৈনক উদ্দেশ্যি বাখ্যা কৰিলে নিজ অনুভৱ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত প্ৰতিটো কথাতে অভিনেতাগৰাকীৰ পৰিয়ালক সহযোগ আগবঢ়োৱা এই গৰাকী অভিনেত্ৰীয়ে শেহতীয়াকৈ তেওঁৰ প্ৰেম বিকি জৈনৰ প্ৰতি থকা নিজ অনুভৱক বাখ্যা কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ষমাও বিচাৰিলে। অভিনেত্ৰী গৰাকীয়ে কয় যে, “তোমাৰ বাবে মোৰ যি অনুভৱ সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। যেতিয়া মই মোক আৰু তোমাক একেলগে দেখো তেতিয়া মোৰ মনলৈ প্ৰায়ে এটা কথা আহে; মই ভগৱানৰ ওচৰত চিৰ কৃতজ্ঞ যে মোক তেওঁ এগৰাকী বন্ধু আৰু প্ৰিয়তম হিচাপে তোমাক পঠিয়ালে। মোৰ লগত প্ৰতিটো সময়ত থকা বাবে তোমাক ধন্যবাদ লগতে মোৰ প্ৰতিটো পৰিস্থিতিত মোৰ সৈতে থিয় দিয়াৰ বাবে, মোৰ অসুবিধা খিনি নিজৰ কৰি লোৱাৰ বাবে তোমাক ধন্যবাদ।” আনহাতে অভিনেত্ৰী গৰাকীয়ে বিকিৰ ওচৰত ক্ষমা বিচাৰি কয় যে,

নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ 2
নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ 3


“তোমাৰ প্ৰাপ্য নোহোৱা স্বত্বেও মোৰ বাবে তুমি বহুখিনি সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে যাৰ বাবে তোমাক মই ক্ষমা বিচাৰিছো।” উল্লেখ্য যে, ৬ বছৰ ধৰি সুশান্ত আৰু অংকিতা সম্বন্ধত আছিল কিন্তু পিছলৈ তেওঁলোকৰ মাজত ব্ৰেকআপ হোৱাত বিকি জৈনৰ সৈতে অংকিতাৰ সম্পৰ্কৰ খবৰ আহিছিল যদিও এই সম্পৰ্কক কোনোদিনেই ৰাজহুৱা কৰা নাছিল অভিনেত্ৰী গৰাকীয়ে। সুশান্তৰ মৃত্যুৰ পিছত তেওঁক ন্যায় দিয়াৰ স্বাৰ্থত প্ৰায়ে অভিনেত্ৰী গৰাকী উঠি-পৰি ওলাই অহা দেখিবলৈ পোৱা গৈছিল। অংকিতাৰ অনুৰাগীয়েও তেওঁক এই বিষয়ত চাপোৰ্ট কৰিছিল।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.