“কোনো এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ হ’লে প্ৰতিভাৰ প্ৰয়োজন; টকাৰ নহয়।” উক্ত বাক্যশাৰীৰে কিছু কথা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসমীয়া অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে। বৰ্তমান সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক “গুপ্তা চিষ্টাৰচ” ৰ মূখ্য চৰিত্ৰ ৰূপায়িত পৰিণীতা বৰঠাকুৰে শেহতীয়াকৈ এটি ভিডিঅ’ যোগে স্পষ্টীকৰণ দিয়ে। কোনো লোকে “গুপ্তা চিষ্টাৰচ” ধাৰাবাহিকখনত চৰিত্ৰ দিয়াৰ উদ্দেশ্যৰে টকা সৰকোৱা ব্যৱস্থা কৰিছিল যদিও পিছলৈ এই কথা গম পোৱাত পৰিণীতাই নিজ স্পষ্টীকৰণ দাঙি ধৰে। তেওঁ প্ৰতিভাৰে কোনো ব্যক্তিক সামৰ্থৱান হ’বলৈ কয়; টকাৰ ব্যৱহাৰেৰে নহয়। শেহতীয়াকৈ “ষ্টাৰ ভাৰত” ত আৰম্ভ হোৱা এই ধাৰাবাহিকখনে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল।
https://www.instagram.com/p/CHAEcG8jyZ4/?utm_source=ig_web_copy_link


তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে। “চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী পৰিণীতাই সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত ইতিমধ্যে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।
Add comment