Rupaliparda.com
"বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী"-জুবিন গাৰ্গ 1

“বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী”-জুবিন গাৰ্গ

কিছুদিন পূৰ্বে বিধায়ক শ্বেৰমান আলিয়ে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰা পিছতেই ৰাজ্যত বিভিন্ন জনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। শেহতীয়াকৈ সংবাদ মাধ্যমত জুবিন গাৰ্গেও এই বিষয়ত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰায়ে প্ৰতিটো বিষয়ত সক্ৰিয় হৈ মাত মতা হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মিঞা মিউজিয়ামৰ বিষয়টো তাচ্ছিল্য কৰি কয় যে “বাংলাদেশীৰ উৎপাতত এনেই ৰাজ্যবাসী জীয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে তাতেই আকৌ মিঞা মিউজিয়ামৰ কথা আহে ক’ৰ পৰা।” বিষয়টোক লৈ ইতিমধ্যে বিভিন্ন জন শিল্পীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত “চিলা” শীৰ্ষক এটি গীতৰে আকৌ এবাৰ অনুৰাগীৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। বিগত দীঘলীয়া সময়ৰ পৰাই জুবিন গাৰ্গৰ একক কন্ঠক লৈ অপেক্ষাৰত হৈ ৰৈছিল অনুৰাগী; তাৰ পিছতেই মুক্তি লাভ কৰা “চিলা” ই অসমীয়া শ্ৰোতা দৰ্শকৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে।

"বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী"-জুবিন গাৰ্গ 2
"বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী"-জুবিন গাৰ্গ 3


উল্লেখ্য যে, অনামিকা”, “পাখি” তথা বৰ্তমানেও জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত আছে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়; প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.