Rupaliparda.com
সদ্যমুক্তিপ্ৰাপ্ত "ঈশানী মলয়া" ই পুনৰ আকৰ্ষণ কৰিছে শ্ৰোতাকঃ 1

সদ্যমুক্তিপ্ৰাপ্ত “ঈশানী মলয়া” ই পুনৰ আকৰ্ষণ কৰিছে শ্ৰোতাকঃ

বহু প্ৰত্যাশিত তথা বহু দিনৰ পৰা অপেক্ষাৰত এটি গীত “ঈশানী মলয়া” ৰ শুভমুক্তি। সম্প্ৰতি সময়ত মুক্তিপ্ৰাপ্ত একাংশ গীতৰ তুলনাত এই গীতটি কিছু ব্যতিক্ৰম; সেইবাবেই এই গীতৰ মুক্তিয়ে বহু সংগীতপ্ৰেমী শ্ৰোতাক উৎসাহিত কৰি তুলিছে। Ridip Abhilash Craftlet ৰ বেনাৰত নিৰ্মিত সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোকে। আচলতে, গীতটিৰ বিষয়বস্তুত থকা নতুনত্বই গীতটিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি তুলিছে। আমি একোগৰাকী সামাজিক ব্যক্তি; আমি সমাজৰ কিছু লোকৰ সৈতে যিমান যুক্তি তৰ্কত অৱনিত নহওঁ কিয়! আমাৰ মনগহ্বৰত চলা অন্তঃযুদ্ধ খন তাতোকৈ অধিক ভয়ংকৰ। আমি কিছু সময়ত অবুজ হৈ পৰো অথবা মনৰ ভিতৰতেই আমি কেতিয়াবা জন্ম দিওঁ ৰাক্ষস প্ৰকৃতিৰ। আৰু, এই ৰাক্ষস প্ৰকৃতিৰ লগতে আমাৰ অন্তৰৰ কোমলতাৰ মাজত চলা যুদ্ধ খনত একমাত্ৰ অস্ত্ৰ হৈ পৰে “প্ৰেম”; যাৰ সহায়ত আমি আমাৰ মাজৰ “বেয়া” ক নাশ কৰি পেলাও। এনে এক বিষয়বস্তুক লৈ নৱপ্ৰজন্মৰ দ্বাৰা ৰচিত “ঈশানী মলয়া” য়ে এতিয়া সফলতাক চুমুক দিছে।


উক্ত গীতটিৰ কথা তথা ইয়াত বিষয়বস্তু আৰু পৰিচালনা অভিলাস দাসৰ। লগতে, গীতটিত কন্ঠদান কৰিছে প্ৰিয়াক্ষী পাচনীৰ আৰু ৰিদিপ লহকৰে। ইয়াত সুৰ আৰু সংগীত প্ৰযোজনা লগতে গীতাৰ ৰিদিপ লহকৰৰ; বেছ ৰূপম ডেকাৰ, ভায়’লিন দুলাল বৈশ্য আৰু বাঁহী বজাইছে নিবিড় দেৱ শৰ্মাই। গীতটিৰ কভাৰ আৰ্ট সুমন গোস্বামী আৰু ৰক্তিম ভূঞাৰ। ভিডিঅ’ প্ৰডাকচন আৰু পৰিচালনা ৰক্তিম ভূঞাৰ। “ঈশানী মলয়া” শীৰ্ষক এই গীতটিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে KAUZEE RECORDS ৰ কৌস্তুভ শইকীয়া। গীতটিক লৈ দীৰ্ঘদিনৰ পৰা চচিয়েল মিডিয়াত চৰ্চা চলাও দেখিবলৈ পোৱা গৈছিল।

সদ্যমুক্তিপ্ৰাপ্ত "ঈশানী মলয়া" ই পুনৰ আকৰ্ষণ কৰিছে শ্ৰোতাকঃ 2


ভিউৱাৰচৰ দীঘলীয়া শাৰীয়ে টোকৰ নামাৰিলেও এওঁলোকৰ সৃষ্টিক আমি নুই কৰিব নোৱাৰো। উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত কেৱলমাত্ৰ “ঈশানী মলয়া” ই নহয়; মুক্তি লাভ কৰিছে আন কেইবাটাও সুন্দৰ গীতেও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform