অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলগীয়া এখন নতুন চিৰিজক লৈ চচিয়েল মিডিয়াত কেইবাদিনৰ পৰাই চলি থকা চৰ্চা আপোনালোকেও নিশ্চয় মন কৰিছে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে সন্মুখীন হোৱা ন-ন বিষয়বস্তুৰ সমান্তৰালকৈ এইবাৰো এখন নতুন ৱেব চিৰিজৰ উপভোগ কৰিবলৈ পাব। এই চিৰিজ খনৰ নাম হৈছে “ILLEGAL”। কিছুদিন পূৰ্বে চিৰিজখনৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত শুভ মহুৰৎ কৰা হৈছিল। সম্প্ৰতি সময়ত “ৱেব চিৰিজ” ৰ সংজ্ঞাই প্ৰতিজন দৰ্শককে আমোদ প্ৰদান কৰিবলৈ সক্ষম হৈছে; সেয়া লাগিলে হিন্দী মনোৰঞ্জন ক্ষেত্ৰতেই হওঁক নাইবা অসমীয়াতেই হওঁক। একোখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবিতকৈ একোখন ৱেব চিৰিজৰ গ্ৰহণযোগ্যতা যে অধিক হৈ পৰিছে সেয়া নক’লেও বুজিব পাৰি। মূখ্য চৰিত্ৰ ৰূপায়িত ৰবি শৰ্মাৰ এইখন ৱেব চিৰিজ “ILLEGAL” ত তেওঁৰ এক দমদাৰ লুক যে অনুৰাগীয়ে দেখিবলৈ পাব সেয়া শ্বুটিং সময়ছোৱাৰ ভিন্ন খন ভাইৰেল ফটোৱে বুজাই দিছে। উক্ত ৱেব চিৰিজ খনৰ কাহিনী ৰবি শৰ্মাৰ নিজৰেই আৰু ইয়াৰ পৰিচালনা লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে সুব্ৰত কাকতি।

মননশীল কাহিনীৰে সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী এই ৱেব চিৰিজখনৰ প্ৰযোজনা কৰিছে NIRI MEDIA (OPC) PVT. LTD য়ে। একচনেৰে ভৰপূৰ “ILLEGAL” ৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে আৰু সহযোগী দৃশ্যগ্ৰহণকাৰী হৈছে উত্তম কলিতা। ৱেব চিৰিজ খনৰ আন আন কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে ৰিতীষা খাউণ্ড, অৰ্জুন, সোণমনি শৰ্মা, সিদ্ধাৰ্থ মূখাৰ্জীকে ধৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হেমন্ত গগৈৰ সহযোগী পৰিচালনাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে সমীৰণ দাস, নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। ৰূপসজ্জা আৰু সাজসজ্জা বিজিয়েতা লগতে কমলৰ। চিৰিজ খনৰ সামগ্ৰিক ব্যৱস্থাপনা অৰ্ণৱ হাজৰিকাৰ। এক কথাত ক’বলৈ গ’লে, প্ৰতিজন অসমীয়া দৰ্শকে মনোৰঞ্জন ক্ষেত্ৰখনৰ অন্তৰ্ভূক্ত হ’বলগীয়া এই নতুন চিৰিজখন উপভোগ কৰিবলৈ অপেক্ষাৰত। জনসাধাৰণক আকৰ্ষণ কৰাৰ অৰ্থে ইয়াৰ শ্বুটিং ছেটৰ বিভিন্ন খন ফটো চচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ উক্ত “ILLEGAL” শীৰ্ষক ৱেব চিৰিজখনৰ শ্বুটিঙৰ সময়ছোৱাতেই ৰবি শৰ্মাক লগ পাবলৈ তাত উপস্থিত হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ। দুইগৰাকী শিল্পীক একেলগে দেখিবলৈ পাই উৎসাহিতও হৈ পৰিছিল তেওঁলোক দুয়োৰে অনুৰাগী সকল।
Add comment