“হেংদাং For Sale”; যোৱা শনিবাৰে ২ বজাত হোৱা দৰ্শনীটোত উপস্থিত হৈছিলো ৰূপালীপৰ্দাৰ ফালৰ পৰা মই ৰীমা দত্ত। ডিজিটেল নাটকখনৰ প্ৰথমটো দৰ্শনীত উপস্থিত হৈছিল কেইবাগৰাকীও নাটক প্ৰেমী জনতা। এক ফালৰ পৰা যদি ক’বলৈ যাওঁ, নাটক খনৰ কাহিনী আছিল তেনেই সাধাৰণ; য’ত দুটা চোৰে অসমৰ স্বাভিমান লাচিত বৰফুকনৰ “হেংদাং” খন চোৰ কৰি আনে আৰু টকা ঘটাৰ স্বাৰ্থত “হেংদাং” খন বিক্ৰী কৰাৰ মন মেলে। কিন্তু ঘটনাক্ৰমে, “হেংদাং” খনত সন্নিৱিষ্ট অসমীয়া আৱেগ জড়িত হৈ থকা কথাবোৰ যেন ফুটুকাৰ ফেনত পৰিণত হয়। গুৱেৰ্ণিকাৰ প্ৰতিজন কলা-কুশলীয়ে নাটকখনত কৰা অভিনয় ইমানেই অধিক সাৱলীল আছিল যে ইয়াৰ উপভোগ্যতা তেওঁলোকে অধিক বৃদ্ধি কৰি পেলাইছিল। “তহঁতে অতিথিক আপ্যায়নটো কৰিব জানিবিয়ে; নহ’লেনো ইমানবোৰ অতিথিৰ পদধূলা তহঁতৰ মজিয়াত পৰেনে?”-অসমীয়া জ্যেষ্ঠ অভিনেতা সিদ্ধাৰ্থ মূখাৰ্জীয়ে কোৱা এই সংলাপটোৱে নাটক উপভোগ কৰিবলৈ যোৱা প্ৰতিজন দৰ্শকৰ হৃদয়ত ইমান দকৈ স্থিতি লাভ কৰিছিল যে ক্ষন্তেকতে হাত চাপৰিৰে গোমগোমাই উঠিছিল গৃহটো। আচলতে, “অপ্ৰিয় হ’লেও সত্য” বুলি যিশাৰী অসমীয়াত কথা আছে তাৰ সম্পূৰ্ণ প্ৰতিফলন কৰা হৈছিল হিমাংশু প্ৰসাদ দাসৰ দ্বাৰা পৰিচালিত “হেংদাং For Sale” ত।
আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি বৰ্তমান তথাকথিত কিছু দেখনিয়াৰ বস্তুৰ প্ৰতি বেছি আকৰ্ষিত হওঁ। পাশ্চাত্য সংস্কৃতিক আকোঁৱালি লৈ আমি এনে এক পৰ্যায়ত উপনীত হৈছো য’ত “নিজস্বতা” ক হেৰুৱাই পেলাইছো আমি। মোটা অংকৰ টকা লগতে সস্তীয়া জনপ্ৰিয়তাৰ দিশে আমাৰ সমাজ ব্যৱস্থাই হেৰুৱাই পেলোৱা নিজস্বতাৰ ফলতেই যে আমি বৰ্তমান কেৱল প্ৰতিবাদৰ ওপৰত নিৰ্ভৰ কৰি জাতি, মাটি, ভেঁটি ৰক্ষণৰ কথা ক’বলৈ আৰম্ভ কৰিছো তাৰ সম্পূৰ্ণ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল হিমাংশু প্ৰসাদ দাসৰ উক্ত ডিজিটেল নাটকখনত। প্ৰায় ১ ঘণ্টা দৈৰ্ঘ্যৰ এই নাটকখনৰ অন্তিম সময়ছোৱাত জনপ্ৰিয় কন্ঠশিল্পী শংকুৰাজৰ কন্ঠৰে নিৰ্মাণ হোৱা গীতটিয়ে নাটখন চাবলৈ উপস্থিত প্ৰত্যেকজন দৰ্শকক হয়টো শিহঁৰিত নকৰাকৈ থকা নাই।
নাটখনৰ কলা নিৰ্দেশনা আৰু সাজ সজ্জাৰ দায়িত্বত আছে প্ৰণামী বৰা। এই ডিজিটেল নাটখনৰ কেমেৰা আৰু সম্পাদনা হাৰ্ডিক কাশ্যপৰ; ইয়াত অভিনয় কৰিছে অপূৰ্ব বৰ্মন, নৱজ্যোতি নাথ, অমূল্য কুমাৰ, সিদ্ধাৰ্থ মূখাৰ্জী, ধীৰাজ মজুমদাৰ, সীমান্ত কাকতি, দিলীপ কুমাৰ দাস, জ্যোতি প্ৰসাদ দাস, নাৰায়ণ বৈশ্য, ৰূপম জ্যোতি দাস, ধৰিত্ৰী দাস, সাগৰিকা দাস, তগৰ দাসৰ লগতে আন বহুতো ন-পূৰণি কলা-কুশলীয়ে।
Add comment