Rupaliparda.com
মেখেলা ছাদৰ আৰু অসমীয়া গহণাৰে কুন্দত কটা বৰষা ৰাণী বিষয়াঃ 1

মেখেলা ছাদৰ আৰু অসমীয়া গহণাৰে কুন্দত কটা বৰষা ৰাণী বিষয়াঃ

বৰষা ৰাণী বিষয়াৰ ন- ফটোশ্বুটত ফটোৱে খলকনি লগাইছে অনুৰাগীৰ মনত। অভিনেত্ৰী গৰাকীৰ প্ৰত্যেকখন ফটোতেই এতিয়া অনুৰাগীত ভৰপূৰ কমেন্ট দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অসমীয়া মেখেলা-ছাদৰ তথা অসমীয়া গহণাৰ সৈতে ইনষ্টাগ্ৰামত আপলোড কৰা ফটোৰ যোগেৰে অভিনেত্ৰী বৰষা ৰাণীয়েও জীৱনটো সুন্দৰকৈ জীয়াবলৈ আহ্বান কৰে জনসাধাৰণক। ফটোৰ কেপচনত তেওঁ লিখে যে, “এনেকুৱা এটা সময় আহে য’ত তুমি ভাবি থকা কিবা বেলেগ আৰু কৰি দিয়া কিবা বেলেগ। জীৱনটো বৰ সৰু, গতিকে মন ভৰি জীয়াবলৈ চেষ্টা কৰা, ভাল পাবলৈ, হাঁহিবলৈ, মৰম কৰিবলৈ আৰু ক্ষমা কৰিবলৈ চেষ্টা কৰা।” “কাঞ্চন” ৰ পিছত কিছুদিন পূৰ্বে এখন নতুন ধাৰাবাহিকত দেখিবলৈ পোৱা গৈছিল বৰষা ৰাণী বিষয়াক । অভিনেত্ৰী গৰাকীৰ মাহীয়েক তথা এগৰাকী সুদক্ষ অভিনেত্ৰী নিকুমণি বৰাৰ সৈতে বৰষাক অসমীয়া দৰ্শকে দেখিবলৈ পাইছিল এখন সুন্দৰ ধাৰাবাহিক “ৰজনীগন্ধা” ত। ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত লক-ডাউন চিৰিজৰ এইখনো আছিল এখন অন্যতম ধাৰাবাহিক।

মেখেলা ছাদৰ আৰু অসমীয়া গহণাৰে কুন্দত কটা বৰষা ৰাণী বিষয়াঃ 2
মেখেলা ছাদৰ আৰু অসমীয়া গহণাৰে কুন্দত কটা বৰষা ৰাণী বিষয়াঃ 3


নিকুমণি বৰাৰ লগতে বৰষা ৰাণীৰ এই যুঁটিটোক ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল অসমীয়া “খেল” ছবিখনত। মাহীয়েকৰ সৈতে আকৌ এবাৰ পৰ্দাত ওলাবলৈ পাই উৎসাহী হৈ পৰিছিল অভিনেত্ৰী বৰষাও। প্ৰায় চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা বৰষা ৰাণীৰ নিতৌ কৰ্মৰাজি বিষয়ে জানিবলৈ প্ৰায়ে অপেক্ষাৰত হৈ থাকে অনুৰাগী। অনুৰাগীক আকৰ্ষণৰ বাবেও অভিনেত্ৰী গৰাকীয়ে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলোৱাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform