Rupaliparda.com
ৰঙা ফোট লগাই তৃতীয় লিংগক সন্মান অক্ষয় কুমাৰৰঃ 1

ৰঙা ফোট লগাই তৃতীয় লিংগক সন্মান অক্ষয় কুমাৰৰঃ

অক্ষয় কুমাৰৰ আহিবলগীয়া “লক্ষ্মী বমে” মুক্তিৰ পূৰ্বে চৰ্চা লগতে সমালোচনা এই দুই বিষয়ৰ সন্মুখীন হৈছে। দীপাৱলীৰ প্ৰাকক্ষণত এই ছবিখনক ডিজনী+হটষ্টাৰত মুকলি কৰি দিয়া হ’ব ; ছবিখনৰ বাবে বহুল ৰূপত অপেক্ষাৰতও হৈ পৰিছে এতিয়া একাংশ দৰ্শক। এনেতে, ছবিখনৰ প্ৰচাৰৰ বাবে ব্যতিক্ৰমী পন্থা হাতত লৈছে অভিনেতা অক্ষয় কুমাৰে। তৃতীয় লিংগৰ লোকসকলৰ প্ৰতি নিজ সমৰ্থন আৰু সন্মান ব্যক্ত কৰি অভিনেতাগৰাকীয়ে মূৰত এক ৰঙা ফটো লগাই ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰে। “এইবাৰ আমাৰ পাল” শীৰ্ষক এক কেপছনেৰে এই ফটো পোষ্ট কৰি তেওঁ অইনকো এনেদৰে একোখন ফটো পোষ্ট কৰাৰ বাবে আহ্বান জনায়। অভিনেতাগৰাকীৰ এনে আহ্বানক সঁহাৰি জনাই এতিয়া আগবাঢ়ি আহিছে অভিনেতা সিদ্ধাৰ্থ শুক্লাও। শেহতীয়াকৈ চচিয়েল মিডিয়াত তেওঁ পোষ্ট কৰা ফটোত একাংশ অনুৰাগীয়ে তেওঁৰ প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায়।

ৰঙা ফোট লগাই তৃতীয় লিংগক সন্মান অক্ষয় কুমাৰৰঃ 2
ৰঙা ফোট লগাই তৃতীয় লিংগক সন্মান অক্ষয় কুমাৰৰঃ 3


সিদ্ধাৰ্থ শুক্লাই ফটোখনৰ সৈতে দিয়া কেপছনত লিখে যে, “বাস্তৱ জীৱনত অক্কী ছাৰে যি ব্যৱস্থা আগেয়ে আৰম্ভ কৰিছে, আমি তাৰ প্ৰশংসা কৰা উচিত। আমি এখোজ আগবঢ়াব লাগে আৰু তৃতীয় লিংগৰ প্ৰতি থকা আমাৰ প্ৰেম, স্বীকৃতি আৰু তেওঁলোকৰ প্ৰতি সমৰ্থন দেখুৱাব লাগে। বলা, ৰঙা ফোট লগাওঁ আৰু আমি সকলো একগোট হৈ তেওঁলোকক সমৰ্থন কৰো; যিসকলে এতিয়ালৈ আমাৰ সুখত লগ দিছে। সমালোচনাই সাঙুৰি ধৰা পিছত আচলতে ছবিখনৰ নামো সলনি কৰি দিয়া হৈছে। হিন্দু ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ছবিখনৰ বৰ্তমানৰ নাম দিয়া হৈছে “লক্ষ্মী”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.