প্ৰেম, ভালপোৱা, মৰম, আৱেগ ইত্যাদি এই অনুভূতিবোৰৰ নিৰ্দ্দিষ্ট এটা সংজ্ঞা কোনো এজনেও দিব নোৱাৰে। কাৰণ এইবোৰৰ সৈতে সংযোগ হৈ থকা ব্যক্তিবোৰে কেৱল মাত্ৰ সুন্দৰ হৈ থকাত বিশ্বাস কৰে; হয়টো নৱপ্ৰজন্মৰ সৈতে প্ৰেম নিবেদনৰ বাটবোৰ কিছু সলনি হৈছে কিন্তু সেই অনুভূতি-অনুভৱবোৰৰ সংজ্ঞা কোনো কালেই সলনি নাই হোৱা। আজিৰ প্ৰেমতো সেই একেই সন্মান, বিশ্বাস জড়িত হৈ আছে; অৱশ্যে সঁচা অৰ্থত ক’বলৈ গ’লে কিছুমান বস্তু কেতিয়াও সলনি নহয় অথবা এই বস্তুবোৰৰ অইন এটা সংস্কৰণ ব্যক্তিবিশেষেও পচন্দ নকৰে। শেহতীয়াকৈ এখন চুটি ছবি “তোমাৰ বাবে” লাভ কৰিছিল মুক্তি। ছবিখনৰ সৈতে জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়েই আছিল নৱপ্ৰজন্মৰ একাংশ উঠি অহা প্ৰতিভা। ২৭ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে প্ৰেমিকদ্বয়ৰ মাজৰ সম্পূৰ্ণ যাত্ৰা এটাক সাঙুৰি লৈছিল। চিনাকী হোৱাৰে পৰা আৰম্ভ কৰি তেওঁলোকৰ মাজত হোৱা প্ৰেম আৰু জীৱন নামৰ এডাল সৰল ৰেখাৰ মাজে মাজে পৰিস্থিতিয়ে সৃষ্টি কৰা ঘাত-প্ৰতিঘাত বোৰক লৈয়ে নিৰ্মাণ উলিওৱা হৈছে এইখন চুটি ছবি “তোমাৰ বাবে”।
কাহিনীটো একেবাৰেই এটি সহজ কাহিনী; য’ত হয়টো বিভিন্ন জন দৰ্শকে নিজক বিচাৰি পাবলৈ সক্ষম হৈছে। মূখ্য চৰিত্ৰত অভিনীত সুৰভী দাস আৰু পিংকল প্ৰত্যুষৰ অভিনয়ো চুটি ছবিখনত মনকৰিবলগীয়া। ধাৰাবাহিকতা অব্যাহত ৰখাৰ ক্ষেত্ৰত কিছু খুঁট ৰৈ গৈছে যেন অনুভৱ হ’লেও ইয়াৰ তুলনাত শ্বটচ বোৰ লোৱাৰ ক্ষেত্ৰত দৃশ্যগ্ৰহণকাৰী সফল হৈছে। Anamika Films ৰ বেনাৰত চুটি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংলাপ কিশোৰ বৰুৱাৰ। চুটি ছবিখনৰ কাহিনী পিংকলৰ নিজৰ। চুটি ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে শান্তনু দত্ত, অংশুমান, থমাছ, আকাশ, প্ৰজ্ঞান আৰু বিদিশাই। শান্তনু দত্ত, বাদুৰ্য্য সেনাপতি আৰু পিংকল দাসৰ দৃশ্যগ্ৰহণেৰে চুটি ছবিখনৰ সহঃ পৰিচালনা থমাছ ৰাজখোৱাৰ। সাজসজ্জা প্ৰিয়াশীৰ। আনহাতে, চুটি ছবিখনত অন্তৰ্ভূক্ত গীতটিৰ কথা আৰু পৰিচালনা কিশোৰ বৰুৱাৰ; ইয়াত কন্ঠদান কৰিছে ভাস্কৰ অপ্সৱেল আৰু আকাংক্ষা দাসে।


মিউজিক আৰু বেকগ্ৰাউণ্ড স্কৰ পিংকল প্ৰত্যুষৰ লগতে গীতটিৰ সংগীত ব্যৱস্থাপনা দিগন্ত বৰদলৈৰ। চুটি ছবিখনত সন্নিৱিষ্ট গীতটিয়েও দৰ্শকক উৎসাহী কৰি তোলা দেখিবলৈ পোৱা গৈছে। আনকি, এই গীতটিয়েও দৰ্শকৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে।
Add comment