Rupaliparda.com
"Arranged" ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "মায়া বাইদেউ"- 1

“Arranged” ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ “মায়া বাইদেউ”-

“Arranged” ৰ বহুল সফলতাৰ পিছত আকৌ এবাৰ সমুজ্জল কাশ্যপৰ পৰিচালনা আৰু সম্পাদনাৰে আহি আছে এখন নতুন চুটি ছবি “মায়া বাইদেউ”। ইতিমধ্যে চুটি ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰা লগতে ছবি সমালোচকৰ পৰা প্ৰশংসিতও হৈছে। “Arranged” ৰ কাহিনী, পৰিচালনাৰ লগতে চুটি ছবিখনত অভিনীত অভিনেতা-অভিনেত্ৰীয়ে অভিনয়ৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাই চুটি ছবিখন ইমানেই অধিক গ্ৰহণযোগ্য কৰি তুলিছিল যে চুটি ছবিখনে ক্ষন্তেকতে জনসাধাৰণক সংযোগ কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই হয়টো এইবাৰো আহিবলগীয়া “মায়া বাইদেউ” শীৰ্ষক এই চুটি ছবিখনক লৈ সম্পূৰ্ণ আশাবাদী হৈ পৰিছে দৰ্শক সকলো। নহবওঁনো কিয়? চুটি ছবিসমূহত অন্তৰ্ভূক্ত কাহিনী সমূহ ইমানেই বেছি হৃদয়স্পৰ্শী হয় যে ইয়াক উপভোগ কৰাৰ পৰা নিজক আঁতৰাই ৰাখিব পৰা নাযায়। এফালৰ পৰা ক’বলৈ গ’লে, অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক চহকী কৰোৱাবলৈ এনেবোৰ পৰিচালকৰ প্ৰচেষ্টা উল্লেখনীয়। এওঁলোকৰ চেষ্টাত বৰ্তমান আপ্লুত অসমীয়া প্ৰতিজন দৰ্শকো।

"Arranged" ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "মায়া বাইদেউ"- 2
"Arranged" ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "মায়া বাইদেউ"- 3


এটা সৰু মধ্যবিত্ত পৰিয়ালৰ কাহিনীৰ যোগেৰে সমাজৰ এক গম্ভীৰ বিষয়বস্তুক উপস্থাপন কৰোৱা হ’ব সমুজ্জল কাশ্যপৰ এইখন চুটি ছবি “মায়া বাইদেউ” ত। সম্প্ৰতি সমাজত দেখিবলৈ পোৱা সুলভ পৰিস্থিতিটোক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “মায়া বাইদেউ”। ইয়াত অভিনয় কৰিছে সত্যেন দাস, প্ৰাজনা শৰ্মা, জিন্তু বৈশ্য, আৰ্হি বেজবৰুৱা, ৰূপম ৰিয়ান ডেকা, ৰাজা বৰুৱাৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে ৰাজা বৰুৱাৰ লগতে সমুজ্জল কাশ্যপে। অতিশীঘ্ৰে মুক্তি লাভ কৰিবলগীয়া “মায়া বাইদেউ” ৰ বাবে উৎসাহী হৈ পৰিছে সকলো দৰ্শক।

"Arranged" ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "মায়া বাইদেউ"- 4
"Arranged" ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "মায়া বাইদেউ"- 5


উল্লেখ্য যে, “তেজপুৰ ১৯৬২” ৰ বাবে সমুজ্জল কাশ্যপে লাভ কৰিছিল “ৰজত কমল বঁটা”। কেওঁদিশে উঠা চুটি ছবিৰ উজানৰ মাজত একাংশ পৰিচালকে দৰ্শকৰ মনোযোগ টানিব পৰা কিছু চুটি ছবিৰ নিৰ্মাণ কৰাত ছবিসমূহৰ জনপ্ৰিয়তাইও নিজ বাট মুকলি কৰি তুলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform