আমাৰ সকলোৰে জীৱনত প্ৰায় প্ৰতিটো সময়ত লগ দিয়া কোনোবা নহয় কোনোবা এজন ব্যক্তি থাকে; স্কুলৰ ভিতৰলৈ যেতিয়া মাকৰ হাত খন এৰি সোমাই যোৱা হয় তেতিয়াই সেইটো বয়সৰ পৰা আমি একোজন “বন্ধু” ৰ সৃষ্টি কৰো। হাঁহি, কান্দোন, সুখানুভূতিৰ লগতে দুখ, কষ্ট আদিবোৰো যেন আমি পাতলাবলৈ একোজন বন্ধুক কাষত বিচাৰো। এয়াই আচলতে, “বন্ধুত্ব” আৰু এজন “বন্ধু” লগত থকা সময়ৰ সুখ। কিন্তু এটা কথা এইটোও সঁচা যে, সম্পৰ্কবোৰ যথেষ্ট ঠুনুকা; ই যিমান গাঢ় হয় সিমানেই ইয়াত আৱেগৰ লগতে আন্তৰিকাৰ পৰিমাণ বৃদ্ধি পায়। গতিকে, এনেক্ষেত্ৰত সম্পৰ্ক এটাক জীয়াই ৰাখিবলৈ সদায় কথাৰ বীজগণিতবোৰ সৰল কৰি থ’বলগা হয়। এনে এক কাহিনীক লৈয়ে আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন চুটি ছবি “Childish”। “কথাত কটা যায়; কথাতেই বটা পায়”; সৰুতেই এই কথাষাৰৰ সাৰমৰ্ম আমাক বুজাই দিয়া হৈছিল কিন্তু আমি কেতিয়াবা কোনোবা এটা সময়ত এনে কিছু কথা কয় পেলাও যাৰ বাবে কোনোবাখিনি সময়ত আমি বিপদতো পৰিবলগীয়া হয়।

উক্ত চুটি ছবিখনো দুজন বন্ধুৰ মাজত হোৱা কথোপকথনক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে; য’ত বিগত দিনৰ পৰা বন্ধুত্বৰ মাজত মেলা ফাঁটটোক আকৌ এবাৰ বেজিৰে গুঁঠি ঠিক কৰিবলৈ চেষ্টা কৰিছে দুয়োগৰাকীয়ে। চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য কিশোৰ ভৰদ্বাজ বৰুৱাৰ লগতে ইয়াত চিত্ৰগ্ৰহণ পূৰ্বজ্যোতি বৰাৰ আৰু সম্পাদনা মৃণাল শইকীয়াৰ। সংগীত শব্দ সমীক বৰুৱাৰ। ছবিখনত অভিনয় কৰিছে স্বাগতা ভৰালী, চুমি ভৰালী আৰু কিশোৰ ভৰদ্বাজে। সামগ্ৰিক পৰিকল্পনা কৌশিক ৰাজখোৱাৰ। সম্প্ৰতি সময়ত একাংশ নৱপ্ৰজন্মৰ চেষ্টাত হোৱা সৃষ্টিবোৰত দৰ্শকে প্ৰায়ে ভিন্নধৰণৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হৈছে।


স্বাগতা ভৰালীৰ অভিনয় চাবলৈ উৎসাহিত হৈ থকা অনুৰাগীৰ বাবে আকৌ এক সুখবৰ। ডাবিঙৰ কাম পূৰ্ণগতিত চলি থকা CHILDISH য়ে অতিশীঘ্ৰে লাভ কৰিব মুক্তি।
Add comment