Rupaliparda.com
"ৰুক্সানা" ৰ প্ৰেমত এইবাৰ কমল লোচনঃ 1

“ৰুক্সানা” ৰ প্ৰেমত এইবাৰ কমল লোচনঃ

নতুন ৰূপত আকৌ এবাৰ কমল লোচনৰ নতুন প্ৰেম “ৰুক্সানা”। আহিবলগীয়া এটি গীতেৰে আকৌ এবাৰ জনসাধাৰণৰ মাজলৈ আহিবলৈ সাজু হৈছে নীল আকাশ, কমল লোচনৰ লগতে আন একাংশ নৱপ্ৰজন্ম; “ৰুক্সানা” ৰ ফাৰ্ষ্টলুক পোষ্টাৰৰ লগতে মুক্তিপ্ৰাপ্ত আন কেইবাখনো পোষ্টাৰে ইতিমধ্যে চচিয়েল মিডিয়াত লগাইছে খলকনি। আমি আচলতে সকলোৱে উমৈহতীয়াকৈ হ’লেও এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত। কাৰণ আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰে প্ৰয়োজন হয়। সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰি ৰাখে, আমাৰ একাংশই ৰাতি নিদ্ৰাদেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটা সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ৰোমান্টিক গীত সমূহৰ নিজ এক সুকীয়া বৈশিষ্ট্য আছে, হৃদয় চুবলৈ সক্ষম হোৱা একোটা সংগীতক জনসাধাৰণে ইমান বেছি শ্বেয়াৰ কৰিবলৈ লয় যে ই ক্ষন্তেকতে ভাইৰেল ও জনপ্ৰিয় হৈ পৰে। কিছু প্ৰেম প্ৰেম লগা অনুভূতিৰে শ্ৰোতাৰ কাষ চাপিবলৈ সাজু হৈছে আন এটি গীত “ৰুক্সানা”।

"ৰুক্সানা" ৰ প্ৰেমত এইবাৰ কমল লোচনঃ 2
"ৰুক্সানা" ৰ প্ৰেমত এইবাৰ কমল লোচনঃ 3


কিন্তু ইয়াত “ৰুক্সানা” এতিয়াও ৰহস্যৰ আৱৰ্তত। এই গীতটিত কন্ঠদান কৰিছে অৰুন্ধতী ভানুপ্ৰিয়া আৰু নীল আকাশে। গীতৰ কথা প্ৰাচুৰ্য্য তালুকদাৰৰ আৰু সুৰ কৰিছে পৰিণীতা গোস্বামীয়ে; “ৰুক্সানা”-ৰ সংগীত কৰিছে পলাশ সূৰ্য গগৈয়ে, শব্দ-সংমিশ্ৰণ কৰিছে ইবচন লাল বৰুৱাই। গীতটিৰ ভিডিঅ’ৰ এটি মূখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচনে আৰু লগতে আন দুটি চৰিত্ৰত অভিনয় কৰিছে অৰুন্ধতী ভানুপ্ৰিয়া আৰু নীল আকাশে। ২০ নৱেম্বৰত মুক্তি পাবলগীয়া এই গীতটিয়ে আচলতে মুক্তিৰ পূৰ্বেই লাভ কৰিছে জনপ্ৰিয়তা। এজন অটো’চালকৰ নিভাঁজ প্ৰেমৰ কাহিনীৰ আধাৰতে এই গীতটিৰ ভিডিঅ’টি নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে।

"ৰুক্সানা" ৰ প্ৰেমত এইবাৰ কমল লোচনঃ 4


উক্ত ভিডিঅ’টোৰ পৰিচালনা আৰু সামগ্ৰিক পৰিকল্পনা প্ৰাচুৰ্য্য তালুকদাৰৰ। লগতে এই প্ৰ’জেক্টটোৰ মাৰ্কেটিং আৰু প্ৰডাকচন ক’ণ্ট্ৰোলৰ দায়িত্বত আছে প্ৰিয়ংকা বৰুৱা। গীতটিয়ে মুক্তিৰ পূৰ্বৰ পৰাই এক বিশেষ ধৰণৰ উৎসাহৰ সৃষ্টি কৰিছে কেওঁদিশে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.