Rupaliparda.com
নিশিতা গোস্বামীক "মন" গ্ৰহণ কৰাৰ বাবে কোনে দিছিল উৎসাহ? অভিনেত্ৰী গৰাকীয়ে জনালে কৃতজ্ঞতাঃ 1

নিশিতা গোস্বামীক “মন” গ্ৰহণ কৰাৰ বাবে কোনে দিছিল উৎসাহ? অভিনেত্ৰী গৰাকীয়ে জনালে কৃতজ্ঞতাঃ

একোগৰাকী জনপ্ৰিয় ব্যক্তিৰ পিছফালে সদায় একোজন এনে ব্যক্তি থাকে যাৰ অহৰহ প্ৰচেষ্টা অথবা উৎসাহে তেওঁক সফল হ’বলৈ সক্ষম কৰোৱায়। শেহতীয়াকৈ অভিনেত্ৰী নিশিতা গোস্বামীয়ে তেওঁৰ জীৱনৰ এনে এজন ব্যক্তিৰ প্ৰতি নিজ কৃতজ্ঞতা জ্ঞাপন কৰি পোষ্ট কৰে চচিয়েল মিডিয়াত। এই ব্যক্তিগৰাকী হৈছে দীপাংকৰ কাশ্যপ; নিশিতা গোস্বামীয়ে কয় যে, “বন্ধুসকল, চোৱা এইগৰাকী ব্যক্তিক যিয়ে মোক এই ক্ষেত্ৰখনৰ সৈতে চিনাকী কৰি দিছিল; এইগৰাকী ব্যক্তিয়ে কিমান জোৰকৈ বিচাৰিছিল যে মই মোৰ প্ৰথমখন ছবি “মন” খন গ্ৰহণ কৰো।” এনেদৰেই অভিনেত্ৰী গৰাকীয়ে কিছু কথাৰে ডিজাইনাৰ লগতে পৰিচালক গৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰে। দীপাংকৰ কাশ্যপ আচলতে কেৱল অসমেই নহয়; ৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেওঁ সিমানেই জনপ্ৰিয় ।

নিশিতা গোস্বামীক "মন" গ্ৰহণ কৰাৰ বাবে কোনে দিছিল উৎসাহ? অভিনেত্ৰী গৰাকীয়ে জনালে কৃতজ্ঞতাঃ 2


এগৰাকী ষ্টাইলিছ হিচাপে মৃদুল গুপ্তাৰ ছবি “কৃষ্ণচূড়া” খনেই আছিল তেওঁৰ প্ৰথম। ইয়াৰ পিছত তেওঁ কমেও অসমীয়া ১২ খন ছবিত কাম কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰে। ১৯৯১ চনত পৰা বৰ্তমানলৈ সক্ৰিয় এই গৰাকী অসম সন্তানৰ কামে প্ৰায় প্ৰতিজন অসমীয়া গৌৰন্বম্বিত কৰিবলৈ সক্ষম হৈছে। “ফেশ্বন” ৰ বিষয়ে ৰূপালীপৰ্দাৰ ফালৰ পৰা কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “যি কাপোৰ পিন্ধি আমি “কনফৰ্টটেৱল” হওঁ; সেয়াই ফেশ্বন। মই আছলতে নিৰ্দ্দিষ্ট কোনো এটা “ট্ৰেণ্ড” ফ’লো কৰাকে “ফেশ্বন” বুলি ক’ব নোখোজো। যিটো কাপোৰ পিন্ধি নিজৰ ভাল লাগে অথবা নিজে সহজ ভাবে থাকিব পৰা যায়; সেয়াই “ফেশ্বন”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.