Rupaliparda.com
একাধাৰে কেইবাটাও প্ৰকল্পঃ এইবাৰ অক্ষয় কুমাৰৰ বাঢ়িল ফিজ- 1

একাধাৰে কেইবাটাও প্ৰকল্পঃ এইবাৰ অক্ষয় কুমাৰৰ বাঢ়িল ফিজ-

বলীউড অভিনেতা অক্ষয় কুমাৰ নিজৰ দ্ৰুতগতি আৰু ছবিসমূহত তেওঁ গ্ৰহণ কৰা ফিজৰ বাবে জনাজাত। তেওঁ এখন ছবিৰ বাবে বেছি সময় খৰচ কৰাতকৈ অধিক গুৰুত্ব দিয়ে এটা বছৰত কেইবাখনো ছবিৰ প্ৰকল্প কৰি উলিওৱাটোত। শেহতীয়াকৈ তেওঁৰ “লক্ষ্মী” মুক্তি লাভ কৰিছে ডিজিটেল প্লেটফৰ্মত; লগতে তেওঁ ক’ৰোণা কালত আন কেইবাখনো ছবিৰ বাবেও প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছিল। আহিবলগীয়া সময়ত অক্ষয় কুমাৰৰ কেইবাখনো ছবি দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হ’ব। আমি ইতিমধ্যে জানিব পাৰিছোৱে যে, অক্ষয় কুমাৰে তেওঁৰ ছবি “বেল বটম” ৰ বাবে কিছুদিন পূৰ্বে নিজ শ্বুটিং চিড্যুল সম্পূৰ্ণ কৰিছে। এইখিনিতে এয়াও জানিব পৰা গৈছে যে, “বেল বটম” টীমটোৰ সৈতে অক্ষয় কুমাৰে আকৌ এখন ছবি নিৰ্মাণ কৰিব; যিখন হ’ব এখন কমেডী ছবি। এই ছবিখনৰ পৰিচালনা কৰিব মুদস্সৰ আলি আৰু ইয়াৰ প্ৰযোজনাৰ দায়িত্বত আছে জেকী বাশু ভগনানী।

একাধাৰে কেইবাটাও প্ৰকল্পঃ এইবাৰ অক্ষয় কুমাৰৰ বাঢ়িল ফিজ- 2
একাধাৰে কেইবাটাও প্ৰকল্পঃ এইবাৰ অক্ষয় কুমাৰৰ বাঢ়িল ফিজ- 3


যেতিয়াৰ পৰা “বেল বটম” ৰ চৰ্চা আৰম্ভ হৈছিল; তেতিয়াৰ পৰাই আৰম্ভ হৈছিল এই কমেডী ছবি খনৰ চৰ্চাও। পাৰিবাৰিক কমেডী ছবি কৰিবলৈ উৎসাহী অক্ষয় কুমাৰ এই ছবিখনৰ বাবে আগবাঢ়ি অহা অইন এটা কাৰণ হ’ল উক্ত ছবিখনৰ বাবে তেওঁ পাবলগীয়া ফিজটো। খবৰনুসৰি, এই ছবিখনৰ বাবে অক্ষয় কুমাৰে লাভ কৰিব ১০০ কোটি টকাৰ ফিজ। এটা মোটা অংকৰ ফিজ লাভ কৰাৰ বাবেই হয়টো অক্ষয় কুমাৰ আগবাঢ়িছে ছবি নিৰ্মাণৰ দিশে। আনহাতে, ছবিখনৰ পৰা অক্ষয় কুমাৰৰ বাজেটটো যদি আঁতৰাই দিয়া হয় তেতিয়াহ’লে ইয়াৰ বাজেট হৈছে প্ৰায়ে ৩৫- ৪৫ কোটি টকা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform