Rupaliparda.com
যোৰহাটৰ একাংশ যুৱকৰ প্ৰচেষ্টাত "ব্ৰজনন্দন"- 1

যোৰহাটৰ একাংশ যুৱকৰ প্ৰচেষ্টাত “ব্ৰজনন্দন”-

নৱপ্ৰজন্মৰ প্ৰতিভা আৰু প্ৰচেষ্টাত বৰ্তমান প্ৰতিজন অসমীয়া জনসাধাৰণ মন্ত্ৰমুগ্ধ হৈ পৰিছে। আচলতে, সঁচা অৰ্থত ক’বলৈ গ’লে তেওঁলোকৰ সৃষ্টি সমূহতো একপ্ৰকাৰৰ আকৰ্ষণ কৰিব পৰা বিধৰ এক গুণ দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ চৰ্চালৈ অহা এটা প্ৰকল্পৰ নাম হৈছে “ব্ৰজনন্দন”; যোৰহাটৰ একাংশ নৱপ্ৰজন্মই ৰাসৰ অনুষ্ঠানত পৰিৱেশন কৰা অৰ্থাৎ ৰাসৰ কিছু সংকলিত গীত ন- কন্ঠৰে সংকলন কৰি ৰাইজৰ মাজলৈ লৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছে। এই সংকলনটোত তেওঁলোকে ৰাস মহোৎসৱৰ বাবে কৰা প্ৰস্তুষ্টি লগতে অসমৰ ভিন্ন প্ৰতিচ্ছবিৰ উপস্থাপনেৰে “ব্ৰজনন্দন” ৰ প্ৰস্তুতি বৰ্তমান তুংগত। ৰাস; শ্ৰী কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱন বৃতান্ত সামৰি এই মহোৎসৱৰ যোগেৰেই বিভিন্ন ঠাইত ইয়াক উদযাপন কৰা হয়। বিশেষকৈ, অসমৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত এই মহোৎসৱ উপভোগ কৰিবলৈ পৰ্যটকে আহি ভিৰ কৰা আমি প্ৰায়ে শুনো অথবা বিভিন্ন কাগজে-পত্ৰই পঢ়িবলৈ পাওঁ। কিন্তু, এই ৰাস মহোৎসৱৰ বাবে ভকতৰ পৰা আৰম্ভ কৰি সাধাৰণজনে কৰা প্ৰচেষ্টা আদি আমাৰ মাজত লুকাই থাকে অৰ্থাৎ আমি ইয়াক খুব কমেই জানিবলৈ পাওঁ; গতিকে উক্ত যোৰহাটৰ নৱপ্ৰজন্মৰ প্ৰতিভাৱান যুৱকৰ দলটোৱে বৰগীত সমূহৰ নতুন সংস্কৰণৰ লগতে ইয়াত সন্নিৱিষ্ট কৰিব পৰাকৈ ভিডিঅ’ শ্বুট কৰাত ব্যস্ত হৈ পৰিছে। জানিব পৰা মতে, তেওঁলোকে নিমাতী বালিচৰত বৰ্তমান তেওঁলোকৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।

যোৰহাটৰ একাংশ যুৱকৰ প্ৰচেষ্টাত "ব্ৰজনন্দন"- 2


অসমৰ ৰাস মহোৎসৱৰ সময়ৰ অসমীয়া গ্ৰাম্যঞ্চলৰ এখন জীয়া প্ৰতিচ্ছবিক উপস্থাপন কৰিবলৈ চেষ্টা কৰা “ব্ৰজনন্দন” ৰ সমগ্ৰ বিষয়বস্তু লগতে ইয়াৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে পল্লৱ জ্যোতি দত্ত। আনহাতে, এই ৰাসগীত সমূহত কন্ঠদান কৰিছে ক্ৰমে জনম কাশ্যপ, পৰিস্মিতা, যদুমণি দত্ত আৰু পল্লৱ দত্তই। উল্লেখ্য যে, “ব্ৰজনন্দন” শীৰ্ষক এই প্ৰকল্পটোৰ সৈতে কমলাবাৰী সত্ৰৰ কেইবাগৰাকীও ভকত জড়িত হৈ থকাৰ উপৰিও তেওঁলোকে নিজাববীয়াকৈ উক্ত গীত সমূহত কন্ঠদানো কৰিছে। নৱপ্ৰজন্মৰ প্ৰচেষ্টাত এনে কিছু ব্যতিক্ৰমী কনচেপ্টে প্ৰায় প্ৰত্যেককে আকৰ্ষিত কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰে। নকৰিবওঁনো কিয়? আমি প্ৰায়ে কিছু নজনা বস্তু শিকিবলৈ অথবা নেদেখা বস্তু চাবলৈ আগ্ৰহী হওঁ। তেনেক্ষেত্ৰত এনেধৰণৰ এক নতুনত্বক লৈ আমি সকলোবোৰ উৎসাহী হোৱাটো স্বাভাৱিক।

যোৰহাটৰ একাংশ যুৱকৰ প্ৰচেষ্টাত "ব্ৰজনন্দন"- 3
যোৰহাটৰ একাংশ যুৱকৰ প্ৰচেষ্টাত "ব্ৰজনন্দন"- 4


লোকসংগীত অথবা পূৰণি থলুৱা গীত সমূহক উঠি অহা প্ৰজন্মৰ মাজত চিনাকী কৰি দিবলৈ পল্লৱ দত্তই কৰা অহৰহ প্ৰয়াস নুই কৰিব নোৱাৰি। তেওঁৰ সৈতে তেওঁৰ একাংশ সতীৰ্থৰ প্ৰকল্প “ব্ৰজনন্দন” ক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform