সম্প্ৰতি পৰিস্থিতিয়ে পূৰ্বতকৈ কিছু ধনাত্মক বাৰ্তা কঢ়িওৱা পৰিলক্ষিত হৈছে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনেও হয়টো কিছু পৰিমাণে নতুনত্বৰ উপভোগ কৰিবলৈ সক্ষমথ হৈছে। শেহতীয়াকৈ বহু নতুন ছবিৰ মুক্তিৰ বিষয়ে আমি জানিবলৈ পাইছো; ইখনতকৈ সিখন ছবিৰ আকৰ্ষণীয় বিষয়বস্তুৱে আচলতে দৰ্শকক উৎসাহিত কৰি তুলিবলৈও সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিততেই ৰূপালীপৰ্দাই পুনৰ বাৰ অসমীয়া চিনেমাপ্ৰেমী দৰ্শকৰ মাজলৈ লৈ আনিছো এক সুখবৰ। সংগীত, কবিতা তথা উপন্যাস, গল্প আদি বিষয়বোৰে প্ৰায়ে মনোৰঞ্জন ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰা আমি দেখিবলৈ পাইছো। উক্ত বিষয়বোৰৰ আঁত ধৰি কিছু নতুন কনচেপ্টৰ সৈতে আগন্তুক সময়ত অসমীয়া ছবি জগতত কেইবাখনো ছবি মুক্তি লাভ কৰিবলৈ অপেক্ষাৰত। তাৰেই মাজৰ এখনৰ নাম হৈছে “ৰিয়াজ”; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মৃগাংক বৰাৰ পৰিচালনাৰে নিৰ্মিত “ৰিয়াজ” শীৰ্ষক এই ছবিখন উক্ত নৱপ্ৰজন্মৰ পৰিচালকগৰাকীৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা এই ছবিখন ভিন্ন খন ছবি সমাৰোহলৈ প্ৰেৰণ কৰাৰ লগতে ই কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈও সক্ষম হৈছে। আনহাতে, অহা ২০২১ চনৰ প্ৰথম ভাগতেই হয়টো ছবিখন উপভোগ কৰাৰ সুবিধা লাভ কৰিব ঘৰুৱা দৰ্শকে। ছবিখনৰ কাহিনী ৰচনা কৰিছে মৃগাংক বৰাই। জনজীৱনত সংগীতৰ পয়োভৰ আৰু ইয়াৰ সৃষ্টিৰ মাদকতাই কেনেদৰে মন সলনি কৰিব পাৰে তাকেই লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে অসমীয়া ছবি “ৰিয়াজ”।


আমি প্ৰায়ে নিজৰ সুখ-দুখ আদি ব্যক্ত অথবা প্ৰকাশ কৰিবলৈ সংগীতৰ ওপৰত নিৰ্ভৰ কৰো। আমাৰ মনৰ ভাৱনুযায়ী সলনি কৰি পেলাওঁ সংগীতৰ ধাৰা। সংগীতৰ এনে এক সংজ্ঞাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত “ৰিয়াজ” ত এতিয়াৰ দৰ্শকৰ উৎকন্ঠা। পৰিচালক মৃগাংকই জনোৱা মতে, ছবিখনত যদিও সংগীতক বিষয়বস্তু ৰূপে গ্ৰহণ কৰা হৈছে তথাপিও কিন্তু ছবিখন গোটেই গীত-মাতেৰে পৰিপূৰ্ণ কৰি ৰখা হোৱা নাই। মূখ্য চৰিত্ৰ দুটিৰ জীৱনৰ শূণ্যতা আৰু প্ৰেমেও “ৰিয়াজ” ক এক নতুন সংজ্ঞাৰে সুন্দৰ কৰি তুলিছে। চচিয়েল মিডিয়াত ইতিমধ্যে ছবিখনক লৈ কিছু চৰ্চাৰ সৃষ্টি হৈছে; “পৃথিৱীখন হেনো বহুৰঙী শুনিছো হে মই দেখিছানে বাৰু তুমি”; কথাষাৰে ছবিখনৰ কিছু অংশক বাখ্যা কৰা যেনে অনুভৱ হয়।

“ৰিয়াজ” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে সৌমৰ জ্যোতি বৰা আৰু স্বাগতা ভৰালীয়ে। নগেন বৈশ্যৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে তীৰ্থ নাথ। গীত প্ৰিয়ম আৰু ৰাজা হাজৰিকাৰ বেকগ্ৰাউণ্ড মিউজিকেৰে “ৰিয়াজ” ত সহকাৰী পৰিচালক ৰূপে আছে অৰিন্দম বৰুৱা আৰু ভাস্কৰ জ্যোতি দত্ত।
Add comment