বিগত বহু সময়ৰ অন্তত মনোৰঞ্জন ক্ষেত্ৰখনে আকৌ এবাৰ ঠন ধৰি উঠা দেখিবলৈ পোৱা গৈছে। পৰিচালক-প্ৰযোজক গোষ্ঠীয়েও এইবাৰ তেওঁলোকৰ স্তব্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আৰম্ভ কৰিছে। এনেপৰিপ্ৰেক্ষিততে, নৱাগত পৰিচালক অৰুণজিৎ বৰাইও তেওঁৰ প্ৰথমখন ছবি “মিডনাইট ছং” ৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। উক্ত ছবিখনত থকা এটাই মাত্ৰ গীতৰ ভিডিঅ’ ৰ শ্বুটিঙ শেহতীয়াকৈ সম্পূৰ্ণ কৰিলে পৰিচালকগৰাকীয়ে। গীতটিক প্ৰমো’ ছং হিচাপে প্ৰস্তুত কৰা হোৱাৰ সমান্তৰালকৈ অহা ডিচেম্বৰ মাহত গীতটিক মুকলি কৰা হ’ব জনসাধাৰণৰ সমুখত। উল্লেখ্য যে, উক্ত গীতটি প্ৰস্তুত কৰা হ’ব দুটা ভাষা ক্ৰমে ইংৰাজী আৰু অসমীয়া ভাষাত। গীতটিৰ সুৰ আৰু সংগীত পৰিচালনা কৰাৰ লগতে ইয়াৰ ইংৰাজী ভাগটোত কন্ঠদান কৰিছে আমেৰিকান মিউজিত কম্পোজাৰ লগতে হলীউড ছবিত কৰ্মৰত Meghan Scott য়ে আৰু অসমীয়া ভাগত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাই। গীতটি লিখিছে ৰাজদ্বীপে আৰু গীতটিত শব্দ সংমিশ্ৰণ কৰিছে যতীন শৰ্মাই।


ইতিমধ্যে বহু কেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয়ন প্ৰাপ্ত ছবি “মিডনাইট ছং” য়ে মুক্তিৰ পূৰ্বৰে পৰাই লাভ কৰিছে দৰ্শকৰ সমাদৰ। ছবি সমালোচকৰ পৰা বহুল প্ৰশংসাৰে প্ৰশংসিত এই ছবিখন বৰ্তমান সাজু হৈ পৰিছে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰিবলৈ। ছবিখনত সুন্দৰ অভিনয় কৰিছে ৰূপম চেতিয়া, কল্পনা কলিতাৰ লগতে মনোজ বৰকটকীয়ে। ছবিখনৰ কাহিনী সঞ্জীৱ গিৰিৱৰৰ আৰু ইয়াৰ প্ৰযোজনাৰ দায়িত্বত আছে অপৰাজিতা ভূঞা লগতে সহকাৰী প্ৰযোজক হৈছে মধুমিতা ভূঞা। চাচপেন্স থ্ৰীলাৰ ধৰ্মী উক্ত ছবিখনৰ বাবে অপেক্ষাৰতও হৈ পৰিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক। বহু ঠাইত পুৰষ্কাৰ প্ৰাপ্ত এই ছবিখনৰ কাহিনীভাগে যে আকৌ এবাৰ এঢাপ ওপৰলৈ অসমীয়া ছবি ক্ষেত্ৰখনক তুলি নিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

নৱাগত পৰিচালক ৰূপে অৰুণজিৎ বৰাৰ প্ৰথম ছবি “মিডনাইট ছং” য়ে লাভ কৰা দৰ্শকৰ সঁহাৰি তথা সমাদৰে ছবিখনক লৈ থকা একাংশৰ উৎকন্ঠাক প্ৰকাশ কৰিছে। পৰিচালক গৰাকীয়ে জনোৱা মতে, আহিবলগীয়া সময়ত তেওঁলোকে অকণমান সাহসেৰে আগবাঢ়ি ছবিখন ছবিগৃহত মুকলি কৰা হ’ব যাতে অসমীয়া ছবি জগতখনত পুনৰ বাৰ আশাৰ ৰেঙণি দেখা পোৱা যায়। পৰিস্থিতিয়ে কিছু বিভীষিকাৰ সৃষ্টি কৰিলেও বৰ্তমান অকণমান সাহসেৰে আগবঢ়াৰ কথা প্ৰকাশ কৰে পৰিচালক অৰুণজিৎ বৰাই।
Add comment