Rupaliparda.com
জয় বৰুৱাৰ কন্ঠ আৰু সুৰেৰে নতুন গীত "পৰিধি ভাঙি"- 1

জয় বৰুৱাৰ কন্ঠ আৰু সুৰেৰে নতুন গীত “পৰিধি ভাঙি”-

এখন তথ্যচিত্ৰত অন্তৰ্ভূক্ত এটি গীতৰ সৈতে আহি আছে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসম সন্তান জয় বৰুৱা। ইবচন লাল বৰুৱাৰ কথাৰে গীতটিত কন্ঠদান আৰু সুৰ দিছে জয় বৰুৱাই নিজেই। গীতটিৰ নাম হৈছে “পৰিধি ভাঙি”; ইতিমধ্যে ইয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ “ঊষা-অনিৰুদ্ধ” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ জনসাধাৰণৰ মনত উৎসাহৰ সৃষ্টি কৰি ৰাখিছে। জয় বৰুৱাৰ গীত সমূহত জনসাধাৰণে উপভোগ কৰিবলৈ পোৱা ব্যতিক্ৰমী ভাৱটোকে আচলতে প্ৰায় প্ৰত্যেককে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সংগীত ক্ষেত্ৰৰ এক প্ৰতিষ্ঠিত নাম জয় বৰুৱা। বলীউডৰ সমান্তৰালকৈ তেওঁ অসমীয়া ছবি ক্ষেত্ৰতো জনপ্ৰিয়। মুম্বাইত প্ৰতিষ্ঠিত এই গৰাকী অসম সন্তানক লৈ গৌৰৱ নকৰি আছলতে নোৱাৰি; টেলেগু ছবিৰ গীততো জয় বৰুৱাই কন্ঠদান কৰিছে বিজ্ঞাপনত থকা জিংগলত কন্ঠদান কৰাৰ দ্বাৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জয় বৰুৱাই বলীউড ছবি “মুঝসে ফ্ৰেণ্ডছিপ কৰোগে” ৰ পৰা আদি কৰি “জিন্দেগী না মিলেগী দোৱাৰা”, তথা “মুন্না ভাই এম বি বি এছ” ইত্যাদি কেইবাখনো ছবিৰ গীতত কন্ঠদান কৰাৰ উপৰিও অনু মালিক, প্ৰীতম, শংকৰ এহচান লয় আদিৰ সৈতে একেলগে সংগীত পৰিচালক হিচাপেও কাম কৰিছে।

জয় বৰুৱাৰ কন্ঠ আৰু সুৰেৰে নতুন গীত "পৰিধি ভাঙি"- 2
জয় বৰুৱাৰ কন্ঠ আৰু সুৰেৰে নতুন গীত "পৰিধি ভাঙি"- 3


২০১০ চনত তেওঁ অসমীয়া ভাষাত মুঠ ৮ গীতৰ এলবাম “জয়ঃ লুকিং আউট দা উইণ্ডো” নিৰ্মাণ কৰে। এই এলবামটোৰে গীত “জয়মতী” য়ে তাত থকা আঠটা গীতৰ ভিতৰত অধিক শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ২০১০ চনতেই জয় বৰুৱাই তেওঁৰ উক্ত এলবামটোৰ বাবে বিগ অসমীয়া মিউজিক এৱাৰ্ডত “শ্ৰেষ্ঠ নৱাগত কন্ঠশিল্পী বঁটা” লাভ কৰে। হেঙুল থিয়েটাৰৰ নাট “খিৰিকী” ত জয় বৰুৱাই পোন প্ৰথমবাৰৰ বাবে এটা অসমীয়া গীতত নেপথ্য গায়ক ৰূপে কন্ঠদান কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.