Rupaliparda.com
অভিনেত্ৰী ঋষা চড্ডালৈ বিশেষ সন্মানঃ 1

অভিনেত্ৰী ঋষা চড্ডালৈ বিশেষ সন্মানঃ

অভিনেত্ৰী ঋষা চড্ডালৈ সন্মান; ভাৰত ৰত্ন ড° আম্বেডকাৰ এৱাৰ্ডেৰে বিভূষিত কৰা হৈছে অভিনেত্ৰীগৰাকীক। ভাৰতীয় চিনেমাত দিয়া গ্ৰহণযোগ্য যোগদানৰ বাবে এই সন্মান প্ৰদান কৰা হয় অভিনেত্ৰী গৰাকীক। প্ৰায় ২৫ গৰাকী লোকৰ উপস্থিতিত ৭ নৱেম্বৰ তাৰিখে এই সন্মান প্ৰদান কৰা হৈছিল ঋষা চড্ডাক। বলীউড ক্ষেত্ৰখনত “গডফাদাৰ” নোহোৱাকৈ এগৰাকী অভিনেত্ৰীয়ে এনে সন্মান লাভ কৰাটো তেওঁৰ বাবেই এক গৌৰৱৰ বিষয় বুলি ব্যক্ত কৰাৰ সমান্তৰালকৈ তেওঁ কয় যে “এই এৱাৰ্ডটোৱে মোক আকৌ এবাৰ সপোনবোৰ জীয়াই যাবলৈ সহায় কৰিব।” আগলৈ ভাল কিছু প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ আশ্বাস প্ৰদান কৰা ঋষা চড্ডাই সমাজৰ উত্থানৰ হকে কাম কৰি যোৱাৰ আশ্বাস প্ৰকাশ কৰে। চচিয়েল মিডিয়াত সক্ৰিয় এই গৰাকী অভিনেত্ৰীয়ে প্ৰায়ে নিজৰ পোষ্টেৰে জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়।

অভিনেত্ৰী ঋষা চড্ডালৈ বিশেষ সন্মানঃ 2
অভিনেত্ৰী ঋষা চড্ডালৈ বিশেষ সন্মানঃ 3


“ঔ লাক্কী, লাক্কী ঔ” ত এটা সৰু চৰিত্ৰ ৰূপায়ন কৰা পিছত ঋষা চড্ডাই বহু ছবিত সহযোগী চৰিত্ৰ ৰূপায়ন কৰে। তেওঁ দৰ্শকক অধিক আকৰ্ষিত কৰে অনুৰাগ কাশ্যপৰ ছবি “গেংগছ অৱ ৱাছিপুৰ” ৰ পৰাহে। ১৯৮৮ চনত জন্মলাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰথমতে মডেলিঙৰ পৰা আৰম্ভ কৰিছিল নিজ কেৰিয়াৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.