বলীউড অভিনেতা অক্ষয় কুমাৰে ইউটিউবাৰ ৰাশিদ চিড্ডিকীৰ ওপৰত ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছিল; শেহতীয়াকৈ এই বিষয়ত সমুখলৈ আহিছে ইউটিউবাৰ গৰাকীৰ পোনপটীয়া উত্তৰ। ৰাশিদে নিজৰ উকীলৰ লগ লৈ এই উত্তৰ প্ৰদান কৰে অভিনেতা অক্ষয় কুমাৰক। ৰাশিদৰ মতে তেওঁৰ নিজ ভিডিঅ’ত যিসমূহ প্ৰসংগৰ উত্থাপন কৰা হৈছস সেইসমূহ সাৰ্বজনিক আৰু ইতিমধ্যে সেই আটাইবোৰ দেখুওৱা হৈছিল সংবাদ মাধ্যমত; গতিকে এই তথ্যসমূহৰ আঁৰ লৈয়ে নিজ ভিডিঅ’টো প্ৰস্তুত কৰিছে ৰাশিদে। ফলত, অক্ষয় কুমাৰক এই আটাইবোৰ আৰোপ ৰাশিদে নিজৰ ওপৰৰ পৰা আঁতৰাবলৈ আহ্বান জনায় নহ’লে এই বিষয়ত ৰাশিদে নিজৰ ফালৰ পৰা অক্ষয় কুমাৰৰ ওপৰত কেছ ৰুজু কৰিব বুলি জনায়। আনহাতে, অভিনেতা গৰাকীক ইউটিউবাৰ জনে এয়াও প্ৰশ্ন কৰে যে ভিডিঅ’ আপলোড কৰাৰ দুমাহ উকলি যোৱাৰ পিছত কিয় ৰুজু কৰা হ’ল গোচৰ!


কেৱল মাত্ৰ এয়াই নহয়; উক্ত ইউটিউবাৰ ৰাশিদ চিড্ডিকীৰ ওপৰত যে অক্ষয় কুমাৰেই আৰোপ লগাইছে অথবা গোচৰ ৰুজু কৰিছে তেনে নহয়; চিড্ডিকীৰ ওপৰত মুম্বাই আৰক্ষীৰ লগতে মহাৰাষ্ট্ৰ মন্ত্ৰী আদিত্য ঠাকৰেও অপমানজনিত বক্তব্য প্ৰদানৰ বাবদ গোচৰ তৰিছিল আৰু ফলত জেলৰো ভাত খাব লগীয়া হৈছিল উক্ত ইউটিউবাৰ গৰাকীয়ে। FF News নামে এটি ইউটিউব চেনেল যোগে প্ৰচাৰিত এক ভিডিঅ’ত ৰাশিদে উল্লেখ কৰিছিল যে অক্ষয় কুমাৰে সুশান্ত সিং ৰাজপুতে “ধোনী” ৰ চৰিত্ৰ ৰূপায়ন কৰাৰ ক্ষেত্ৰত অসুখী হৈ পৰিছিল।
Add comment