সদ্যমুক্তিপ্ৰাপ্ত জনপ্ৰিয় “পেপাৰ চিকেন” শীৰ্ষক হিন্দী ছবিখনে সকলো জনসাধাৰণৰ হৃদয়তে ঠাই বনাবলৈ সক্ষম হৈছিল। অসমীয়া পৰিচালকৰ লগতে অসমীয়া কলা-কুশলীৰ দ্বাৰা নিৰ্মিত এই হিন্দী ছবিখনে বহুল হাৰত সমাদৰ লাভ কৰাৰ লগতে ছবিখনৰ সৈতে জড়িত প্ৰত্যেকেই কৰা কামক প্ৰশংসাও কৰিছিল প্ৰত্যেকে। উক্ত ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰৰ সৈতে জড়িত সংগীতশিল্পী নাম হৈছে পৰাগ প্ৰিয়ম নাথ; সম্প্ৰতি শিল্পী গৰাকীয়ে ছবিখনত কৰা কামৰো অনুৰাগী দীঘলীয়া হৈ পৰিছে। ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এক এক্সক্লুচিভ সাক্ষাৎকাৰ; পৰাগ প্ৰিয়ম নাথৰ পৰা আমি আজি জানিবলৈ পাম এখন ছবিৰ কাৰিকৰী দিশটোৰ বিষয়েও কিছু কথা। চাওঁচোন আহকঃ
!["মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 1 "মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 1](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/11/1915972_988487577911082_716997730158069901_n.jpg?w=770&ssl=1)
প্ৰশ্নঃ আপুনি কেতিয়াৰ পৰা এই ক্ষেত্ৰখনৰ সৈতে জড়িত?
পৰাগ প্ৰিয়ম নাথঃ কেতিয়াৰ পৰা জড়িত বুলি ক’বলৈ গ’লে মই সৰুৰে পৰাই এই ক্ষেত্ৰখনৰ সৈতে জড়িত; এক সাংস্কৃতিক পৰিয়ালত মই সৰুৰে পৰা ডাঙৰ-দীঘল হৈছো। আচলতে, মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য সাংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত। সমান্তৰালকৈ, মইও সংগীতৰ প্ৰতি সৰুৰ পৰাই আগ্ৰহী আছিলো। সপ্তম মান শ্ৰেণীৰ পৰাই মই কী-বোৰ্ড বজাবলৈ আৰম্ভ কৰিছিলো আৰু পিছলৈ ২০০৮ চনৰ পৰা মই পেছাগত ভাৱে এই ক্ষেত্ৰখন আঁকোৱালি লৈছিলো। এগৰাকী মিউজিক প্ৰগ্ৰামাৰ, বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰ হৈছে মোৰ বৰ্তমানৰ চিনাকী। ২০১০ চনত মই মুম্বাইলৈ গুচি আহো আৰু তেতিয়াৰ পৰা মই ইয়াতেই কৰ্মৰত।
!["মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 2 "মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 2](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/11/123338674_3383322661760883_3024490954894934459_n.jpg?resize=606%2C606&ssl=1)
প্ৰশ্নঃ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি “পেপাৰ চিকেন” ৰ সফলতা আৰু তাত আপোনাৰ সুন্দৰ যোগদান। কি ক’ব?
পৰাগ প্ৰিয়ম নাথঃ “পেপাৰ চিকেন” ছবিখনত পৰিচালক ৰতনশীল শৰ্মা দাই মোক এই সুন্দৰ সুযোগকণ দিয়াৰ বাবে মই তেওঁৰ ওচৰত সদায়েই কৃতজ্ঞ হৈ ৰ’ম। ছবিখনৰ কাহিনী, পৰিচালনা, কেমেৰা, অভিনয় আদি প্ৰতিটো দিশ ইমানে গ্ৰহণযোগ্য আৰু উল্লেখনীয় হোৱাৰ বাবেই হয়টো মইও পাৰ্যমানে চেষ্টা কৰিছিলো মোৰ সংগীতৰ কামখিনি ভালকৈ কৰিবলৈ। আচলতে মোৰ থ্ৰীলাৰ ছবি প্ৰিয় আৰু ইয়াৰ সংগীত কৰিও ভাল পাওঁ। এখন ছবিত ব্ৰেকগ্ৰাউণ্ড স্কৰটো খুবেই জৰুৰী; গতিকে এই ছবিখনক লৈও আমি প্ৰতিজনেই বহু বেছি আশাবাদী হৈ আছিলো। লগতে, এতিয়ালৈ যিসকলে উপভোগ কৰিছে সেই আটাইবোৰে ছবিখনক আঁকোৱালি লোৱা বুলি জানিবলৈ পাই উৎসাহিত হৈছো। আনহাতে, পৰিচালক ৰতন শীল শৰ্মা দাৰ সৈতে মোৰ এয়া প্ৰথমটো কাম; গতিকে তেওঁৰ সৈতে কাম কৰি মই বহুত বেছি উৎসাহিত হৈছিলো।
!["মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 3 "মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 3](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/11/20507740_1423283611098141_7312153942127862586_o.jpg?resize=770%2C513&ssl=1)
প্ৰশ্নঃ ভৱিষ্যতে নৱপ্ৰজন্ম আপুনি কৰি থকা এই ক্ষেত্ৰখনত যদি সাঙুৰ খাবলৈ বিচাৰে। তেওঁলোকৰ প্ৰতি আপোনাৰ কি উপদেশ থাকিব?
পৰাগ প্ৰিয়ম নাথঃ উপদেশ দিব পৰা হৈছো বুলি মই নিজকে বৰ্তমান নাই ভবা। তথাপিও নতুন প্ৰজন্মই যদি এইক্ষেত্ৰখন আহিবলৈ বিচাৰে তেতিয়াহ’লে মই এটাই কথা ক’ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে; ভাল কাম কৰিলে এদিন তাৰ উচিত মূল্যটো পাবই। সকলো বস্তুতেই অধ্যয়নৰ প্ৰয়োজন; গতিকে ভাল কাম কৰিলেই জনসাধাৰণৰ সমাদৰ লাভ কৰাটো নিশ্চিত।
!["মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 4 "মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 4](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/11/20616853_1423278084432027_4013469252806359496_o-1024x682.jpg?resize=770%2C513&ssl=1)
প্ৰশ্নঃ “চিনেমাৰ বেকগ্ৰাউণ্ড স্কৰ আৰু চিনেমাৰ গীতৰ সংগীত”; এই দুটা বস্তুৰ মাজত বিভিন্ন ভুল কৰে কেতিয়াবা। এই দুইটা বিষয়ৰ মাজৰ পাৰ্থক্যটো কি আচলতে?
পৰাগ প্ৰিয়ম নাথঃ চিনেমা এখনৰ সংগীত আৰু আৱহ সংগীত অৰ্থাৎ “বেকগ্ৰাউণ্ড স্কৰ” বিষয়টো একেবাৰে ভিন্ন। যিগৰাকী ব্যক্তিয়ে ছবি এখনৰ সংগীত কৰে; তেওঁক সংগীত পৰিচালক বুলি কোৱা হয়। ছবিখনত ৫ টা গীতেই নাথাকক কিয়; সেই আটাইবোৰৰ পৰিচালনা কৰে এগৰাকী সংগীত পৰিচালকে। এতিয়া আহো এগৰাকী বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰলৈ; বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰ হ’ল সেইগৰাকী ব্যক্তি যিয়ে এখন ছবিৰ কাহিনীভাগ কোনটো অনুভূতিক লৈ ধাৱমান হ’ব তাক নিশ্চিত কৰে। প্ৰয়োজনুসৰি সুখ, দুখ আদি অনুভূতিক লৈ বেকগ্ৰাউণ্ডত কি সংগীত দিয়া হ’ব তাক নিশ্চিত কৰে এগৰাকী বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰে। গতিকে, এখন ছবিত এজন বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰৰ গুৰুত্বতটো সকলোৱে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
!["মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 5 "মই এটাই কথা ক'ম যে ফলৰ আশা নকৰি ভাল কাম কৰি যাব লাগে"- পৰাগ প্ৰিয়ম নাথ 5](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/11/107642658_3035538849872601_5111770514729076065_o.jpg?w=770&ssl=1)
ৰূপালীপৰ্দাঃ ধন্যবাদ দাদা। আপোনাৰ সৈতে হোৱা এই সাক্ষাৎকাৰে বহু মনোৰঞ্জনপ্ৰেমী জনসাধাৰণক সহায় কৰিব।
পৰাগ প্ৰিয়ম নাথঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment