Rupaliparda.com

Mystic Production House ৰ আগন্তুক প্ৰকল্প “আভাস”; এইবাৰ জড়িত আন সংগীতশিল্পীও- –

বিগত সময়ত কেইবাটাও উল্লেখনীয় প্ৰকল্পৰ সৃষ্টিৰ পিছত এইবাৰ আন এটি প্ৰকল্পৰ মুক্তিৰ দিশে আগবাঢ়িছে Mystic Production House। “আভাস” শীৰ্ষক এটি এলবামৰ সৈতে জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈছে উক্ত প্ৰডাকচন হাউচটো। সংগীত ক্ষেত্ৰখনত নতুনৰ সৃষ্টি কৰা ক্ষেত্ৰত উক্ত প্ৰডাকচন হাউচটোৰ যোগদান লেখত ল’বলগীয়া; কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “অকলশৰীয়া” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি; প্ৰায় প্ৰত্যেকেই গীতটিক লৈ আকৰ্ষণ অনুভৱ কৰিছিল। কিয়নো, গীতটিৰ বিষয়বস্তু আছিল ব্যতিক্ৰমী।Mystic Production House ৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক আহিবলগীয়া এলবামটোত সন্নিৱিষ্টি দুটিকৈ গীতত কন্ঠদান কৰিছে ৰূপম ভূঞাই লগতে এলবামটোৰ বাকী কেইটা গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে জয় বৰুৱা আৰু তৰালী শৰ্মাই। সংগীত ক্ষেত্ৰখনত নিত্য-নতুন কনচেপ্টেৰে আগবঢ়া একাংশ নৱপ্ৰজন্মৰ কলা-কুশলীৰ প্ৰচেষ্টাই এতিয়া উৎকন্ঠাৰ সৃষ্টি কৰিছে সকলোৰে মাজত।


উল্লেখ্য যে, অহা ২ ডিচেম্বৰ তাৰিখলৈ এলবামটোৰ প্ৰথমটো গীত “নিশা” ক উলিয়াই দিয়া হ’ব ৰাইজৰ মাজলৈ। এলবামটোত অন্তৰ্ভূক্ত প্ৰত্যেকটো গীততেই সুৰ আৰু সংগীত পল্লৱ তালুকদাৰৰ; আনহাতে, আহিবলগীয়া এটা গীতৰ কথাও হৈছে সংগীত শিল্পী পল্লৱ তালুদাৰৰ নিজৰেই। আহিবলগীয়া “নিশা” গীতটিৰ কথা হৈছে ৰোমন প্ৰতীমৰ। লগতে, উক্ত গীতটিত ভিডিঅ’ৰ সৈতে জড়িত হৈ আছে অতনু মহন্ত আৰু কস্তুৰী হাজৰিকা। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগান ধৰিব।


“INSAAN” তথা “অকলশৰীয়া” ৰ বহুল সফলতাৰ পিছত উক্ত প্ৰডাকচন হাউচটোৱে কৰা প্ৰচেষ্টা সমূহে এতিয়া প্ৰত্যককে অনুৰাগী কৰি তুলিছে। এলবামটোৰ প্ৰতিটো গীতকেই ভিডিঅ’ সহ মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। Mystic Production House ৰ আহিবলগীয়া প্ৰচেষ্টা সমূহক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform