Rupaliparda.com
শীতৰ আমেজ লৈ জুইৰ কাষ পাইছে কন্ঠশিল্পী সুবাসনা দত্তঃ 1

শীতৰ আমেজ লৈ জুইৰ কাষ পাইছে কন্ঠশিল্পী সুবাসনা দত্তঃ

শীতৰ আগমনে সুন্দৰ কৰিছে সকলোকে; পথাৰৰ সোণালী আৰু ৰাতিপুৱাৰ কুঁৱলীয়ে উৎসাহিত কৰে সকলোকে।শেহতীয়াকৈ সুবাসনা দত্তই ইনষ্টাগ্ৰামত এখন ফটো আপলোড কৰে; য’ত সুবাসনাই শীতৰ আমেজ লৈ জুইৰ কাষ পায়। শীতৰ এই সময়ছোৱা কন্ঠশিল্পী গৰাকীৰ আটাইতকৈ প্ৰিয় বুলিও ব্যক্ত কৰে তেওঁ। সুবাসনা দত্তই কিছুদিন পূৰ্বৰে পৰাই বহুল হাৰত ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অনুৰাগীৰ; তেওঁৰ “আপুনি আহিব” শীৰ্ষক গীতটিয়ে মুক্তিৰ পিছৰে পৰা লাভ কৰা সফলতাৰ যাত্ৰা বৰ্তমানেও অব্যাহত হৈ আছে। স্ক্ৰীণত দেখিবলৈ পোৱা উক্ত নতুন যুঁটিটোক লৈ উৎসাহিতও হৈ পৰিছিল অনুৰাগী;”আপুনি আহিব” ৰ কথা আৰু সুৰ সমীৰ শেখৰৰ লগতে সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ লগতে সম্পাদনা সুব্ৰত কাকতিৰ আৰু দৃশ্যগ্ৰহণ কৰিছে উত্তম কলিতাই। ক’ৰোণা ত্ৰাসৰ ফলত বিগত কেইবাটাও দিনৰ পৰা ৰাজ্যত অব্যাহত থকা স্তব্ধতাৰ পিছত বৰ্তমান কিছু সাধাৰণ হোৱা পৰিস্থিতিয়ে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনকো সক্ৰিয় কৰি তুলিছে।


অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ। আনহাতে, অমৃতা গগৈ ব্যস্ত তেওঁৰ ধাৰাবাহিক “সৰাপাত” ক লৈ; কমল লোচনৰ প্ৰসংগলৈ আহিলে এটাই কথা ক’ব লাগিব যে নৱপ্ৰজন্মৰ সফল আৰু জনপ্ৰিয় অভিনেতাৰ মাজৰ এগৰাকী হৈছে কমল লোচন। তেওঁৰ অভিনয়ে আকৰ্ষণ কৰিছে প্ৰতিজন দৰ্শকক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.