Rupaliparda.com

“মোৰ এই গীতটিক তেওঁলোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, সঁহাৰি জনাইছে”- ডেইজী দাস

শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা একাংশ অসমীয়া গীতৰ ভিতৰত এটি গীত হৈছে “মই তোৰ হ’ব খুজিম”; গীতটি বহুল ৰূপত ভাইৰেল হৈছিল চচিয়েল মিডিয়াত প্লেটফৰ্ম সমূহতো। গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীৰ নাম হৈছে ডেইজী দাস। ৰূপালীপৰ্দাৰ পৰা হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে আমি তেওঁৰ সৈতে পাতিছিলো কিছু কথা। তেওঁ সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “সংগীতৰ লগত মই সৰুৰে পৰাই জড়িত আছিলো । মোৰ এই সংগীত পৰিক্ৰমাৰ প্ৰথম অনুপ্ৰৰণা আছিল মোৰ মা; যিহেতু মায়ে গান গাইছিল আৰু গান লিখিছিল সেইবাবে হয়তো মায়ে সংগীতৰ প্ৰতি মোক উৎসাহিত কৰি তুলিছিল। আনহাতে, দেউতাৰ কথাটো ক’বই নালাগে, তেওঁ যদিওবা এই শিল্পৰ লগত কোনোপ্ৰকাৰে জড়িত নহয়; তথাপিও মোৰ পিতৃ অতিকৈ সংগীতপ্ৰিয় এজন ব্যক্তি। সৰুৰে পৰাই তেওঁলোক দুয়োগৰাকীয়ে মোক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ-সুবিধা কৰি দিছিল। এক কথাত ক’বলৈ গ’লে, চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ পৰা মই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলো; মোৰ প্ৰথম গুৰু আছিল হৰেকৃষ্ণ মণ্ডল ছাৰ আৰু পিছৰ পৰ্যায়ত মই সংগীতৰ শিক্ষা লৈছিলো ধনঞ্জয় নাথ ছাৰৰ ওচৰত । বৰ্তমানেও মই অসমৰ এজন পৰিচিত আৰু এগৰাকী জনপ্ৰিয় সংগীত শিল্পী দিগন্ত ভাৰতী ছাৰৰ ওচৰত গীতৰ প্ৰশিক্ষণ লৈ আছো । এইখিনিতে উল্লেখ কৰিবলৈ ভাল পাম যে, মই দুবাৰকৈ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ সন্মান লাভ কৰিছো; এটা হ’ল নিখিল ভাৰত সংগীত সমিতি (কলকতা)ৰ আৰু আনটো লাভ কৰিছিলো ভাতখান্দে সংগীত মহাবিদ্যালয় (লক্ষ্ণৌ)ৰ পৰা |

"মোৰ এই গীতটিক তেওঁলোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, সঁহাৰি জনাইছে"- ডেইজী দাস 1


মোৰ জীৱনৰ প্ৰথমটো গীত আছিল “ৰিঙা ৰিঙা লাগে” শীৰ্ষক এটি আধুনিক গীত । এই গীতটো মুক্তি পাইছিল ২০১৭ বৰ্ষত আৰু গীতটিয়ে মিশ্ৰিত সহাঁৰি লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ পৰা | তাৰপিছৰ সময়ছোৱাত মই ৰঙা কলিজা, জোনাকী পখী, সিদিনা বুজি পালো, ফুল হৈ, চিলিমিলি টোপনি, হয়তো বা মোৰ মনে আৰু মই তোৰ হ’ব খুজিম শীৰ্ষক বহুত কেইটা গীতৰ সৈতে জড়িত হৈ আছিলো।” সদ্যমুক্তিপ্ৰাপ্ত “মই তোৰ হ’ব খুজিম” গীতটিৰ বহুল জনপ্ৰিয়তাৰ বিষয়ে কন্ঠশিল্পী গৰাকীয়ে কি ক’ব বুলি প্ৰশ্ন কৰাত ডেইজীয়ে কয় যে, “মই তোৰ হ’ব খুজিম” এই গীতটিৰ কাম বহুত আগতেই আৰম্ভ কৰা হৈছিল যদিও “ক’ৰণা ভাইৰাছ” ৰ সন্ত্ৰাসৰ ফলত গীতটিৰ মুক্তিত কিছু সময়ৰ প্ৰয়োজন হৈছিল। মই শ্ৰোতা-দৰ্শকত ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো যে মোৰ এই গীতটিক তেওঁলোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, সঁহাৰি জনাইছে। গীতটিৰ কথা চিন্ময় কৌশিকৰ লগতে ইয়াত সুৰ দিয়াৰ উপৰিও মোৰ সৈতে যুঁটীয়া ভাৱে কন্ঠদান কৰিছে জয় নিৰ্বাণে । সংগীত প্ৰণয় দত্তৰ আৰু গীতটিৰ ভিডিঅ’ত মোৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে; গীতটিৰ ভিডিঅ’ পৰিচালনা ৰিন্তু চৌধুৰীৰ। আশা কৰো আহিবলগীয়া সময়ত এই গীতটিৰ সমান্তৰালকৈ মোৰ অইন গীতসমূহকো ৰাইজে আঁকোৱালি লৈ আদৰ জনাব।” কন্ঠশিল্পী গৰাকীৰ পৰা তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বহুত আছে; ভাল ভাল গান কৰিবলৈ মন আছে। লগতে, মোৰ এটা ইচ্ছা আছে যে অসমত যিখিনি প্ৰচলিত জনগোষ্ঠীয় গীত আছে, সেই গোটেইখিনিক সাঙুৰি নতুন ৰূপত সজাই বহুল ভাৱে এটা এলবাম প্ৰস্তুত কৰাৰ । চেষ্টা কৰি আছো, শিকি আছো বিভিন্ন জনগোষ্ঠীৰ গীতবোৰ আৰু বহুত শিকিব বাকী আছে যদিও মোৰ উক্ত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ খুবেই ইচ্ছা।”

"মোৰ এই গীতটিক তেওঁলোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, সঁহাৰি জনাইছে"- ডেইজী দাস 2


আগলৈ তেওঁ কয় যে, মই জনাই থাকিম যি যি পৰিকল্পনা হাতত লওঁ।এইখিনিতে জনাই থওঁ যে অহা বৰ্ষৰ অৰ্থাৎ ২০২১ চনৰ আৰম্ভণিতে মোৰ “আঁচুফুল” এলবামৰ দুটা গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিম, সকলোৱে এই গীত দুটা আদৰি ল’ব বুলি আশা ৰাখিছো । উল্লেখ্য যে, “আঁচুফুল ২০২০” এলবামৰ “চিলিমিলি টোপনি” শীৰ্ষক গীতটিক শ্ৰোতা-দৰ্শকে ইতিমধ্যে বহুত মৰম দিছিল । গীতটোত মোৰ সৈতে কন্ঠ দিছিল নীল আকাশে, কথা-সুৰ কৰিছিল স্বৰূপ কাকতিয়ে আৰু সংগীত তৰুণ তন্ময়ৰ ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform